অসম লাইভ২৪ঃ শৰীৰ সুস্থ ৰখাটো আমাৰ সকলোৰে প্ৰধান কৰ্তব্যৰ ভিতৰত এটা। শৰীৰৰ ভিতৰত কি হৈছে বাহিৰৰ পৰা সেয়া জনাটো সম্ভৱ নহয়। কিবা অসুখ শৰীৰত বাঢ়ি বাঢ়ি গৈ থাকিলেও সঠিক সময়ত কেতিয়াবা গম পোৱা নাযায়। যেতিয়ালৈকে শৰীৰত ৰোগৰ লক্ষণ ফুটি উঠে তেতিয়ালৈ বহু দেৰিও হৈ যায়। চিকিৎসকে এই সন্দৰ্ভত জনোৱা অনুসৰি প্ৰস্ৰাৱৰ ৰঙলৈ লক্ষ্য কৰিয়েই ৰোগ নিৰ্ণয় কৰা সম্ভৱ হয়। যদি প্ৰস্ৰাৱৰ ৰঙ সলনি হয় তেতিয়াই ই কোন ৰোগৰেই ইংগিত বুলি ধৰিব পাৰে। প্ৰস্ৰাৱৰ কোনকেইটা ৰঙে ৰোগৰ ইংগিত দিয়ে?
পাতল হালধীয়া
এই ৰঙৰ প্ৰস্ৰাৱ শৰীৰত ইউৰোবিলিন পিগমেণ্টৰ উৎপাদনৰ কাৰণে হয়। সাধাৰণতে পানী কম খালে প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়। শৰীৰত যেতিয়া পানীৰ পৰিমান একেবাৰেই কমি যায় তেতিয়া কিডনীয়ে প্ৰস্ৰাৱৰ পৰাই পানী শোষণ কৰে। ফলত প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং ঘনীভূত হৈ হালধীয়া বৰণ ধৰে। প্ৰস্ৰাৱ পাতল হালধীয়া বৰণৰ হ’লে পানী খোৱাৰ পৰিমান বঢ়াই দিয়াটো অতি জৰুৰী।
ডাঠ হালধীয়া
প্ৰস্ৰাৱৰ ৰং যদি গাঢ় হালধীয়া হৈ পৰে তেন্তে সেয়া জণ্ডিছৰ লক্ষণ। প্ৰস্ৰাৱৰ ৰং ডাঠ হালধীয়া হ’লে চিকিৎসকৰ কাষ চপাটো অতিকৈ প্ৰয়োজন। ইয়াৰোপৰি ভিটামিন বি কমপ্লেক্স বা মূত্ৰনলীৰ সংক্ৰমণ দূৰ কৰাৰ কোনো এণ্টিবায়টিক ঔষধ সেৱন কৰিলেও প্ৰস্ৰাৱৰ ৰং পাতল কমলা নতুবা হালধীয়া হৈ পৰে।
পাতল ৰঙা
প্ৰস্ৰাৱৰ বৰণ পাতল ৰঙচুৱা হ’লে ইয়াৰ অন্যতম কাৰণেই হৈছে মূত্ৰনলীৰ সংক্ৰমণ। এই সংক্ৰমণৰ ফলত বহুসময়ত মূত্ৰাশয়ৰ পৰা ৰক্তক্ষৰণ হয়। সেয়ে প্ৰস্ৰাৱত এই পৰিবৰ্তনে দেখা দিয়ে। ইয়াৰোপৰি কিডনীত পাথৰ, কৰ্কটৰ সংক্ৰমণ আদিৰ বাবেও প্ৰস্ৰাৱত এইসমূহ পৰিবৰ্তনে দেখা দিয়ে।
বাদামী ৰং
প্ৰস্ৰাৱৰ ৰং বাদামী হ’লে এয়া কিডনীত হোৱা কৰ্কটৰ অন্যতম উপসৰ্গ। ইয়াৰোপৰি কিডনীত পাথৰ হ’লে, মূত্ৰনলীত সংক্ৰমণ হ’লে প্ৰস্ৰাৱৰ ৰং বাদামী পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ