অসম লাইভ ২৪ঃ ৪২,৫০০ টকাত নিলাম এটা জন্ম নিৰোধক। বিশ্বৰ সবাতোকৈ দামী এই জন্ম নিৰোধকটো ২০০ বছৰ পুৰণি। স্পেইনৰ পৰা এই জন্ম নিৰোধক নিলামত ক্ৰয় কৰিছে আমষ্টাৰ্ডামৰ এন্সডৰ্ম নামৰ এগৰাকী ব্যক্তিয়ে। স্পেইনৰ এখন গাঁৱত এটা বাকচৰ ভিতৰত পোৱা গৈছিল এই নিৰোধকটো। ২০০ বছৰ পূৰ্বে ইউৰোপৰ সবাতোকৈ ঢনাধ্য ব্যক্তিগৰাকীয়ে এই নিৰোধকটো ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে। কনডমটোৰ দৈৰ্ঘ্য ১৯ ছেণ্টিমিটাৰ। কনডমটো ভেড়াৰ পাকস্থলীৰ কোষেৰে তৈয়াৰ কৰা হৈছিল। এই ঐতিহাসিক কনডমটো এন্সডৰ্মে ৪৬০ পাউণ্ড অৰ্থাৎ ভাৰতীয় হিচাপত ৪২,৫০০ টকাত নিলামত ক্ৰয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ