অসম লাইভ ২৪ঃ কাৰ্গিল বিজয় দিৱস উপলক্ষে লেহত ভাৰতীয় সেনাৰ প্ৰস্তুতি আৰম্ভ। ১৯৯৯ চনৰ ২৬ জুলাইত পাকিস্তানৰ বিৰুদ্ধে যুঁজি বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই। কাৰ্গিলৰ যুদ্ধত চহিদ হৈছিল ৫২৭গৰাকী ভাৰতীয় সেনা। বিজয় দিৱস উপলক্ষে সেই মহান চহিদৰ স্মৰণত এক মটৰচাইকেল অভিযানৰ আয়োজন কৰিছে ভাৰতীয় সেনাই। ১৫গৰাকী বাইকাৰ্চে প্ৰায় এক হাজাৰ কিলোমিটাৰ সামৰি এই অভিযান সম্পন্ন কৰিব। কোভিড পৰিস্থিতিৰ বাবে উলহ-মালহেৰে উদযাপন কৰিব নোৱাৰিব এইবৰ্ষৰ বিজয় দিৱস। কোভিড বিধি অনুসৰি পালন কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। মটৰচাইকেল অভিযানৰ জৰিয়তে এইবৰ্ষৰ ২২ সংখ্যক বিজয় দিৱস উদযাপন কৰি দেশৰ হকে প্ৰাণ দিয়া অমৰ জোৱানসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ভাৰতীয় সেনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ