অসম লাইভ২৪ঃ গুজৰাটত ইতিমধ্যেই এখন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি৷ লোকসভা নিৰ্বাচনত আকৌ এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হোৱাটো নিশ্চিত হৈছে বিজেপি দল৷ ইন্দোৰৰ পৰা নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী অক্ষয়কান্তি বামে৷
সোমবাৰে পুৱা অক্ষয়ে জিলাশাসকৰ কাৰ্যালয়ত গৈ নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে৷ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সময়ত তেওঁৰ লগত আছিল বিজেপি বিধায়ক ৰমেশ মেন্দোলা৷ উল্লেখ্য যে ৰমেশ কৈলাশ বিজয়বৰ্গীয় ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত৷ ইফালে কংগ্ৰেছৰ পৰা মনোনয়ন উঠাই লোৱাৰ পাছতেই অক্ষয়ে যোগদান কৰিছে বিজেপি দলত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ