অসম লাইভ ২৪ ঃ সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে সর্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে। দিল্লী-মহাৰাষ্ট্ৰকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ক’ৰোনাৰ এনে গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে কর্ণাটক চৰকাৰে জাৰি কৰিছে ১৪ দিনৰ লকডাউন। পিছে কর্ণাটকত কোভিডে লোৱা এই ভয়ংকৰ ৰূপৰ মাজতে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলা IAS বিষয়া। জিলা উপায়ুক্ত এন্নিছ কানমানিয়ে দায়িত্ব লোৱা কর্ণাটকৰ ক’ড়াগো জিলাত বিগত এমাহত এজনো কোভিড আক্ৰান্ত ৰোগী নাই। কোভিড মহামাৰীয়ে সৃষ্টি কৰা এই জটিল পৰিস্থিতিত উপায়ুক্তগৰাকীয়ে লোৱা কঠোৰ নীতি-নিয়মৰ বাবে জিলাখনত বিগত ৩০ দিনত এজনো কোভিড আক্ৰান্ত হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ