অসম লাইভ ২৪ঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছত এতিয়ালৈকে আক্ৰান্ত হৈছে প্ৰায় ১০ কোটি লোক। মহামাৰী ক’ৰোনাৰ বাবেই মৃত্যু হৈছে প্ৰায় ২১ লাখ লোকৰ। বিশ্বত এতিয়াও ২ কোটি লোক ক’ৰোনাত আক্ৰান্ত। য’ত ডেৰ লাখ লোকৰ অৱস্থা অতিকৈ সংকটজনক। তেনে সময়চোৱাতেই ব্ৰাজিলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত ৫ দিনত ৬০ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰোনাত। প্ৰতিদিনেই গড়ে এহেজাৰজনকৈ লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ বাবে। হঠাৎ দেশখনত ভয়ংকৰ ধৰণেৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত কঠোৰ ৰূপত লকডাউন জাৰি কৰিছে চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ