অসম লাইভ ২৪ঃ জম্মু-কাশ্মীৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই দীৰ্ঘদিন ধৰি কৰা নাই তেওঁৰ পত্নীক চুম্বন। ইয়াৰ কাৰণো ৰাজহুৱাকৈ জনায় ফাৰুক আব্দুল্লাই। দেওবাৰে জম্মুত অনুষ্ঠিত হোৱা এখন গ্ৰন্থ উন্মোচনী সমাৰোহত এই কথা সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিয়ে।
তেওঁ কয় যে, ‘ক’ৰোনাই এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে মানুহক কৰমৰ্দন কৰিবলৈও ভয় লাগে। আনকি মই মোৰ পত্নীক দীৰ্ঘদিন ধৰি চুম্বন কৰা নাই। সাৱটি ধৰাটো বহু দুৰৰে কথা’। ফাৰুক আব্দুল্লাৰ এই মন্তব্য এতিয়া ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ