• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

2 years ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

13 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

36 minutes ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

57 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

3 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

17 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

editor by editor
May 3, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ
0
SHARES
879
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময়, তিনি বছৰ আগৰ কথা৷ কৰ’না কাল৷ সেই দুঃসময়ৰ কথা কেনেকৈ পাহৰিব বিশ্ববাসীয়ে৷ বিশ্বৰ চৌদিশে আছিল কেৱল মৃত্যু মিছিল৷ আপোনজনক হেৰুওৱাৰ দুখ অনুভৱ কৰিবলৈ সময় নাছিল কাৰোৰে হাতত আছিল কেৱল নিজক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব সেই চিন্তাহে৷

এক ভয়লগা সময়, এক দুৰ্বিসহ সময়৷ সকলোৱে তেতিয়া কেৱল প্ৰতিকাৰৰ উপায় বিচাৰি হাহাকাৰ কৰিছিল৷ তেনে সময়তে এটা ভেকচিনেই বিশ্ববাসীক দিছিল আশ্বাস৷ অক্সফৰ্ডৰ গৱেষকৰ সহায়ত কভিড ভেকছিন তৈয়াৰ কৰি উলিয়াইছিল ঔষধ প্ৰস্তুতকাৰক সংস্থা এষ্ট্ৰাজেনেকাই৷ সেই ভেকছিনৰ নাম আছিল কভিছিল্ড৷ বিশ্বই সেই ঔষধৰ প্ৰচাৰ হোৱাৰ লগে লগেই স্বাস্তিৰ নিশ্বাস এৰিছিল৷ কৰ’নাৰ পৰা বাচিবলৈকে সমগ্ৰ বিশ্বৰ প্ৰান্তে প্ৰান্তে পঠিওৱা হৈছিল কভিছিল্ড ভেকছিন৷

ভাৰতৰ ছিৰাম ইনষ্টিটিউটত ব্যাপকভাৱে উৎপাদিত হৈছিল এই ঔষধ৷ আমাৰ দেশলৈকো আহিছিল এই ঔষধ৷ প্ৰচাৰ হৈছিল, কভিড দূৰ কৰিবলৈ ভেকছিন লওক৷ দেশৰ প্ৰায়সংখ্যক লোকেই সেই ভেকছিন গ্ৰহণ কৰিলে৷ লাহে লাহে কৰ’নাৰ ভয়াৱহতা বিশ্বৰ পৰা দেশৰ পৰা আঁতৰিল৷ আকৌ স্বাভাৱিক জীৱন আৰম্ভ হওতেই হঠাৎ অহা এটা খবৰে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে৷ ‘কভিছিল্ডৰ ছাইড এফেক্ট৷’ নিজেই স্বীকাৰ কৰিছে টিকা প্ৰস্তুতকাৰক সংস্থা এষ্ট্ৰজেনেকাই৷

বিতৰ্ক অৱশ্যে এতিয়া আৰম্ভ হৈছে তেনে নহয়৷ আমাৰ দেশত কৰ’না ভেকছিন দি থকাৰ সময়ৰে পৰাই চলি আছিল যদিও বিশ্বৰ অন্য প্ৰান্তত কিন্তু এই বিতৰ্ক নাছিল৷ ২০২১ চনত কভিছিল্ডৰ ভেকছিন লোৱাৰ পাছৰে পৰাই অসুস্থ হৈ পৰে জেমি স্কট নামৰ এজন ব্যক্তি৷ মস্তিষ্কত ৰক্ত জমা হৈ গোট মাৰে৷ তাৰপাছতেই আৰু কিছু লোকৰ মাজত একেই লক্ষণে দেখা দিবলৈ লয়৷

কেৱল এটা ছাইড এফেক্টেই নে অইন কিবা ছাইড এফেক্টো আছে সেই বিষয়লৈ  বিশ্বজুৰি আৰম্ভ হয় চৰ্চা৷ এইবাৰ ছাইড এফেক্টক লৈ গৱেষণা আৰম্ভ কৰে বিজ্ঞানীয়ে৷ অৱশেষত আদালতত এষ্ট্ৰোজেনেকাই দাঙি ধৰিছে ছাইড এফেক্ট সম্পৰ্কীয় তথ্য৷ কভিছিল্ড ভেকছিন লোৱাৰ ফলত থ্ৰম্বোচিছ উইথ থ্ৰম্বোছাইটোপেনিয়া ছিনড্ৰমৰ সম্ভাৱনা আছে৷

থ্ৰম্বোচিছ উইথ থ্ৰম্বোছাইটোপেনিয়া ছিনড্ৰম বা টিটিএছ এক বিৰল ৰোগ৷ সমগ্ৰ বিশ্বজুৰি এই ৰোগত আক্ৰান্ত মানুহৰ সংখ্য অৱশ্যে বেছিও নহয়৷ আদালতত কভিছিল্ড প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰজেনেকাই জনাইছে যে কভিছিল্ড ভেকছিনে সমগ্ৰ বিশ্বৰ প্ৰায় ৬০লাখ মানুহৰ প্ৰাণ ৰক্ষা কৰিছে৷ তেওঁলোকৰ দাবী যে এই ভেকছিন ল’লেই যে টিটিএছ ৰোগ হ’ব তেনে কোনো কথা নাই৷

কভিড টিকা লৈ ছাইড এফেক্ট হোৱা মানুহৰ সংখ্যাও খুব কম৷ বৰ্তমানৰ প্ৰশ্ন থ্ৰম্বোচিছ উইথ থ্ৰম্বোছাইটপেনিয়া ছিনড্ৰমত আক্ৰান্ত হ’লে কি হ’ব পাৰে৷

  • শৰীৰত তেজ গোট মাৰিব পাৰে৷
  • শৰীৰত প্লেটলেটৰ মাত্ৰা কমাটোও এই ৰোগৰ লক্ষণ
  • ব্ৰেইন ষ্ট্ৰোক বা মস্তিষ্কৰ ৰক্তক্ষৰণ

ৰিপৰ্ট প্ৰকাশ হোৱাৰ পাছতেই প্ৰশ্ন উত্থাপিত হৈছে যে ভেকছিন লোৱা সকলো লোকেই এইসমূহ ৰোগত আক্ৰান্ত হৈ পৰিছে নেকি? বা ভৱিষ্যতে এই ৰোগে দেখা দিব নেকি? ভাৰতৰ প্ৰায় ৮০ শতাংশ মানুহে কভিছিল্ড ভেকছিন লৈছে৷ এই দেশৰ জনসংখ্যাৰ নিৰিখত এই সংখ্যা বহু বেছি৷ অৱশ্যে আমাৰ দেশত বৰ্তমানলৈকে কভিছিল্ড লোৱাৰ ছাইড এফেক্ট বুলি কোনো কেচ চিকিৎসকে প্ৰকাশ কৰা নাই৷

কৰ’নাৰ বিৰুদ্ধে এক দীৰ্ঘ যুঁজ চলাই আমি জয়ী হৈছো৷ কৰ’না বিধিৰ ওপৰিও ভেকছিন এই যুঁজৰ অন্যতম হাঁথিয়াৰ আছিল৷ কিন্তু ভেকছিন গ্ৰহণৰ ইমান দিনৰ পাছত হঠাৎ অহা খবৰে সকলোৰে মনত সৃষ্টি কৰিছে অজান ভয়ৰো৷ চিকিৎসকে কৈছে ভয়ৰ কাৰণ নাই৷ সকলো লোকেই এই ৰোগত আক্ৰান্ত হ’ব বুলিও কথা নাই৷ কভিছিল্ড লোৱাৰ ফলতেই টিটিএছ ৰোগ হৈছেই বুলি স্পষ্টভাৱে কোনেও ক’ব নোৱাৰে৷ সেয়ে অত্যাধিক ভয়ৰ মাজেৰে সময় কটোৱাতকৈ সকলোৱে উন্নত জীৱনশৈলীৰে সময় অতিবাহিত কৰক বুলিও জনাইছে একাংশ চিকিৎসকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
Next Post
MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.