অসম লাইভ ২৪ঃ এখন দেশ শৃংখলাবদ্ধভাৱে চলি থাকিবলৈ প্ৰথমেই আহে নিৰাপত্তাৰ কথা। আৰু নিৰাপত্তাৰ কথা আহিলেই পোনতেই মনলৈ আহে সেনা আৰু আৰক্ষীৰ কথা। আৰক্ষীৰ হাতত দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্ব আৰু সেনাৰ হাতত বাহিৰৰ কোনো শত্ৰুৱে যাতে দেশৰ মাটিত প্ৰবেশ কৰিব নোৱাৰে সেই দায়িত্ব দিয়া হয়। সেনাৰ প্ৰধান দায়িত্বই হৈছে দেশৰ চাৰিসীমাত পহৰা দিয়া। প্ৰত্যেকখন দেশতেই সেনা আৰু আৰক্ষী এৰাব নোৱাৰা অংগ। সেনা-আৰক্ষী নোহোৱাকৈ আমি আমাৰ দেশক কল্পনা কৰিব নোৱাৰো যদিও পৃথিৱীত এতিয়াও এনে কেইবাখনো দেশ আছে যিকেইখন দেশৰ সীমান্তৰক্ষী নাই। কেনেকৈ দেশৰ নিৰাপত্তা দিছে এইকেইখন দেশে?
সেনা-বাহিনী নথকা এখন দেশ হৈছে মৰিচাছ। মৰিচাছ ভাৰত মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ। এইখন দেশৰ জনসংখ্যা প্ৰায় ১০ লাখতকৈও কম। ১৯৮৮ চনত এইখন দেশে ইউনাইটেড কিংডমৰ পৰা স্বাধীনতা লাভ কৰিছে। মৰিচাছৰ বিশেষত্ব এয়ে যে দেশখনত কোনো সৈন্য-বাহিনী নাই। আভ্যন্তৰীণ সুৰক্ষাৰ বাবে আৰক্ষী আছে যদিও এই সংখ্যা নিচেই কম। অৱশ্যে সেনা নাথাকিলেই এইখন দেশত মোবাইল ফৰ্চ নামৰ এটা অৰ্ধসামৰিক বাহিনীৰ ইউনিট আছে। মৰিচাছত থকা ১০,০০০ আৰক্ষীয়েই দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুইধৰণৰ সুৰক্ষাৰ দায়িত্বতেই নিয়োজিত হৈ থাকে।
বিশ্বৰ দ্বিতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ হৈছে মোনাকো। ফ্ৰান্সৰ ভূমধ্যসাগৰীয় উপকুলত অৱস্থিত এই সৰু দেশখনক টাক্স হেভেন হিচাপেও জনা যায়। মাত্ৰ ০.৭৮ বৰ্গ মাইল এলেকাত অৱস্থিত এই সৰু দেশখনৰ জনসংখ্যা মাত্ৰ ৩১,০০০। এই দেশত আজিকোপতি কোনো সেনা-বাহিনী নাই। দেশৰ সুৰক্ষাৰ দায়িত্বত সেনা নাই যদিও দুজন সেনা তেওঁলোকে দুয়োগৰাকীয়ে ৰাজকুমাৰক পহৰা দিয়ে। আনহাতে এই দেশখনৰ সুৰক্ষাৰ দিশটো নিৰীক্ষণ কৰে ফৰাচী সেনাই।
সেনাবাহিনী নথকা আন এখন দেশ হৈছে কোষ্টাৰিয়া। ১৯৪৯ চনৰ পৰাই কোষ্টাৰিয়াত কোনো সৈন্য-বাহিনী নাই। এইখন দেশত আৰক্ষীয়েই দেশৰ প্ৰতিৰক্ষাৰ দায়িত্বভাৰ লৈ আহিছে। কোষ্টাৰিয়াৰ সৌন্দৰ্যৰ বাবেই দেশখনক মধ্য আমেৰিকাৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়। ১৯৪৮ চনত হোৱা এটা ভয়ংকৰ গৃহ যুদ্ধৰ পিছতেই দেশখনৰ পৰা সামৰিক বাহিনী অপসাৰণৰ সিদ্ধান্ত লয় চৰকাৰে। সেনা-বাহিনী নথকা বৃহৎ দেশৰ তালিকাত থকা কোষ্টাৰিয়াত অৱশ্যে দেশখনৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে আৰক্ষী আছে।
আইছলেণ্ডৰো কোনো স্থায়ী সেনা-বাহিনী নাই। নাটোৰ সদস্য দেশ হ’লেও আইছলেণ্ডৰ কোনো স্থায়ী সেনা-বাহিনী নাই। ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ আইছলেণ্ডৰ সুৰক্ষাৰ দায়িত্ব লৈ আহিছে নাটোৱে। ১৮৬৯ চনৰ পৰা এই দেশৰ সীমান্তত কোনো সেনা বাহিনী নাই। নাটোৰ সদস্য দেশ হোৱাৰ বাবেই দেশখনৰ সুৰক্ষাৰ দায়িত্ব মাৰ্কিন যুক্তৰাষ্ট্ৰই পালন কৰি আহিছে।
চেন্ট লুছিয়া ওৱেষ্ট ইণ্ডিজৰ অন্তৰ্গত এটা সৰু দ্বীপৰাষ্ট্ৰ। এই দেশখন কমনৱেলথৰো সদস্য। এই ৰাষ্ট্ৰৰো নিজস্ব কোনো সেনাবাহিনী নাই। এইখন দেশৰ নিৰাপত্তাৰ দায়িত্বত কেৱল এটা নৌ বাহিনীৰ ইউনিট আৰু আৰক্ষী আছে।
উল্লেখ্য যে কেৰিবিয়ান সাগৰৰ লেজাৰ এণ্টিলেছৰ উত্তৰ দিশত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হৈছে গ্ৰেনাডা। ১৯৩৩ চনত গ্ৰেনাডাই মাৰ্কিন আক্ৰমণৰ পিছত আৰু কোনো সামৰিক বাহিনী দেশত মোতায়েন কৰা নাই। দেশখনৰ সুৰক্ষাৰ দায়িত্বত কেৱল গ্ৰেনাজা পুলিছ ফৰ্ছ নামৰ এটা বাহিনী আছে। দেশৰ বাহ্যিক সুৰক্ষা বা সীমান্ত ৰক্ষাৰ দিশটোও এই ফৰ্ছেই গ্ৰহণ কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ