অসম লাইভ২৪ঃ ধৰ্ষণৰ পিছতেই ডিঙিত ছুৰিকাঘাত, বৈ যোৱা তেজেৰে ধৰ্ষণকাৰীৰ নাম লিখি সাহসৰ পৰিচয় দিলে ভুক্তভোগী যুৱতীয়ে। ঘটনাটো শিলচৰৰ।
দুৰ্গাপূজাত ফুৰিবলৈ ওলাই অহাৰ সময়তে ধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী। কাছাৰৰ যুৱতীগৰাকীয়ে পূজা চাবলৈ গৈ বহুসময়লৈ ঘৰলৈ উভটি নহাত পৰিয়ালে বিচাৰ-খোচাৰ কৰোতেই তেজেৰে তুমুৰালি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকী। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি সঞ্জয় তেলি নামৰ এজন যুৱকৰ সৈতে পূজা চাবলৈ আহিছিল যুৱতীগৰাকী।
পূজা চাবলৈ অহা যুৱতীগৰাকী আৰু ঘৰলৈ উভতি নগ’ল। পৰিয়ালৰ লোকে বস্তাত বান্ধি পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰে যুৱতীগৰাকীক। তেতিয়ালৈ কথা কোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছিল যুৱতীগৰাকীয়ে। ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে সোধ-পোছ কৰাত যুৱতীগৰাকীয়ে তেজ লগা আঙুলিৰে লিখে ধর্ষণকাৰীৰ নাম।
পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত যুৱতীগৰাকীক কাছাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে যুৱতীগৰাকীয়ে লিখা নামৰ ভিত্তিতেই সঞ্জয় তেলিক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী আৰক্ষীৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি সঞ্জয় তেলি নামৰ যুৱকজনে অপৰাধ স্বীকাৰ কৰিছে। চাহ বাগানৰ ঘন জংঘলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱতীগৰাকীক আক্ৰমণ কৰা ছুৰীখনো। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে সঞ্জয় তেলিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ