অসম লাইভ ২৪ঃ খানাপাৰাত অনুষ্ঠিত বিশাল জনসভাত অঘটন। মানুহৰ ভিৰত মূৰ্ছা গ’ল এজন ব্যক্তি। গুৰুতৰভাৱে অসুস্থ ব্যক্তিগৰাকীক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ। আনহাতে এই বিশাল জনসভাত অমিত শ্বাহৰ ভাষণৰ মাজতেই ওলাই আহিছে একাংশ জনতা।
মিটিং শেষ নোহোৱাকৈয়ে ঘৰমূৱা হৈছে বহু কৰ্মী। এই সভাত উপস্থিত থাকিবৰ বাবেই ২০০ টকাকৈ মজুৰি দিয়াৰ কথাও উল্লেখ কৰিছে সভালৈ অহা একাংশ জনতাই।
উল্লেখ্য যে অমিত শ্বাহে ভাষণত কামাখ্যাৰ কৃপাতেই ৫০ হাজাৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সম্ভৱ হোৱাৰ কথা উল্লেখ কৰাৰ লগতে কয় যে, কোনো দলে এনে বৃহৎ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে ভাষণত, গোপীনাথ বৰদলৈৰ লগতে ভূপেন হাজৰিকাৰ প্ৰসংগও উত্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। ভুপেন হাজৰিকাৰ প্ৰশংসাৰে গৃহমন্ত্ৰীগৰাকীয়ে কয়,’সংস্কৃতিৰ বাণীৰে অসমক সমগ্ৰ বিশ্বৰ সন্মুখত চিনাকি কৰাইছিল ভূপেন হাজৰিকাই।’ ইপিনে ৮ অক্টোবৰ, দেশৰ বায়ুসেনা দিৱসত দেশ হকে প্ৰাণ দিয়া বায়ুসেনাৰ শ্বহীদসকললৈয়ো শ্ৰদ্ধা নিবেদন কৰে।
অসমৰ সামগ্ৰিক উন্নয়নৰ প্ৰসংগৰে গৃহমন্ত্ৰীগৰাকীয়ে কয়,’মোদী চৰকাৰ গঠন হোৱাৰ পিছতে অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ দিল্লীৰ পৰা যি দূৰত্ব সেয়া কমিছে। বৰ্তমান বগীবিলৰ দলং চাবৰ বাবেই সমগ্ৰ বিশ্বৰ অভিযন্তা অসমলৈ আহে। মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ৪০ তকৈও তকৈও অধিকবাৰ অসম তথা উত্তৰ পূৱলৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতেই বড়োলেণ্ড, আদিবাসী, ত্ৰিপুৰীৰ শান্তি চুক্তিসমূহ স্বাক্ষৰিত হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অসমত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ কংগ্ৰেছ দলে ৰোপণ কৰা অশান্তিৰ বীজ আজি অসমত নাই। জৱাহৰলাল নেহৰুৱে চীনৰ যুদ্ধ পিছতেই ‘বাই বাই অসম’ বুলি কৈছিল। বিদায় দিয়া অসমক প্ৰধানমন্ত্ৰী মোদীৰে পুনৰ ভাৰতৰ মূল ভূ-খণ্ডৰে সংযোজিত কৰিছে। উত্তৰ-পূব তথা অসমবাসীয়েও এই পদক্ষেপত সহযোগ কৰাৰ বাবে অশেষ ধন্যবাদ। লগতে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমবাসীয়েও পালন কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ আঁচনিৰ যোগেদি সমগ্ৰ উত্তৰ-পূৱবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱালে তাৰ বাবে সমগ্ৰ উত্তৰ-পূৱ বাসীক ধন্যবাদ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ