ৰাজস্থানৰ যোধপুৰ উচ্চ ন্যায়ালয়ৰ এক বিশেষ সিদ্ধান্তই দেশত চৰ্চা লাভ কৰিছে৷ উচ্চ ন্যায়ালয়ে এগৰাকী কয়েদীক পত্নীক গৰ্ভৱতী কৰিবলৈ ১৫ দিনৰ পেৰ’লত মুকলি কৰি দিছে৷
কাৰাবন্দীগৰাকীৰ পত্নীৰ আবেদনৰ ভিত্তিত যোধপুৰ উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷
উল্লেখ্য যে এগৰাকী লোকক হত্যা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে নন্দলাল নামৰ এগৰাকী লোকে৷ ইতিমধ্যে কে’বাবছৰো ধৰি কাৰাবাস খাটি থকা লোকজনৰ পত্নী ৰেখাই যোধপুৰ উচ্চ ন্যায়ালয়ত আবেদন কৰি জনাই যে তেওঁ সন্তান জন্ম দিব খোজে৷
লগতে পঢ়ক শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!
পত্নী ৰেখাই আবেদনত কৈছিল যে তেওঁ মাতৃ হ’ব খোজে৷ তাৰবাবে তেওঁৰ স্বামীৰে সহবাস কৰিবলৈ ন্যায়ালয়ে ব্যৱস্থা কৰিব দিব লাগে৷
যোধপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাই মহিলাগৰাকীৰ এই আবেদন গ্ৰহণ কৰি কয়েদী নন্দলালক ১৫ দিনৰ পেৰ’লত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে৷
লগতে পঢ়ক ১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?
উচ্চ ন্যায়ালয়ৰ মতে এগৰাকীৰ নাৰীৰ সন্তান জন্ম দিয়াটো প্ৰাথমিক আৰু প্ৰাকৃতিক অধিকাৰ আৰু সেই অধিকাৰৰ পৰা তেওঁক বঞ্চিত কৰিব নোৱাৰি৷ ন্যায়ালয়ৰ মতে বংশ বিস্তাৰ সকলো ধর্মীয় আৰু মানৱ সমাজৰ এক প্ৰাকৃতিক অধিকাৰ৷
আনহাতে, ইয়াৰ পূৰ্বে কয়েদী নন্দলাল ২০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল৷ সেই পেৰ’লৰ দিন সামৰি নিৰ্দিষ্ট সময়তে নন্দলালে পুনৰ আদালত আত্মসমৰ্পণ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















