গ্ৰীষ্মকালত ফল আৰু পানীয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো অতিকৈ প্ৰয়োজনীয়।
ফল আৰু পানীয় সেৱনে শৰীৰৰ তাপ নিয়ন্ত্ৰিত কৰি ৰাখে। বতৰৰ ফল বতৰত খালে ই শৰীৰক পুষ্টি যোগোৱাৰ উপৰিও বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে।
লগতে পঢ়ক চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’
গ্ৰীষ্মকালত আপোনাৰ খাদ্যৰ তালিকাখন এনেদৰে তৈয়াৰ কৰি লওঁক, যি ভাগৰ অনুভৱ কৰাৰ পৰা আপোনাক সকাহ দিয়ে আৰু দেহটো কাৰ্যক্ষম হৈ থকাত সহায় কৰে।
সাধাৰণতে প্ৰখৰ ৰ’দৰ বাবে গৰমৰ দিনত সকলোৱে ভাগৰুৱা অনুভৱ কৰে যিয়ে মানুহৰ এলাহ ভাৱ বৃদ্ধি কৰে। গ্ৰীষ্মকালত ভোক নলগা, খাদ্যৰ প্ৰতি অনীহা আদি বেছিকৈ অনুভৱ হয়। গৰমৰ দিনত শৰীৰটোক হাইড্ৰেট কৰি ৰাখিবলৈ মাত্ৰাধিক পানী সেৱন কৰাটো প্ৰয়োজন হৈ পৰে।
শৰীৰটোক ঠাণ্ডা কৰিবৰ বাবে গৰমৰ দিনত সচৰাচৰ মানুহে নেমু চৰবত, লচ্ছি আৰু অন্যান্য় শীতল পানীয় সেৱন কৰা দেখা যায়।
লগতে পঢ়ক শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!
গৰমৰ দিনত এটা স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ সকলোকে প্ৰয়োজন। দেহটোৰ ওপৰত অত্যাচাৰ নকৰাকৈ দেহৰ কোষবোৰে সঠিকমতে যাতে পুষ্টি লাভ কৰে, তাৰ প্ৰতি সকলো সজাগ হোৱা উচিত।
এখন সু-সংগঠিত খাদ্যৰ তালিকাৰে এয়া সম্ভৱ। গ্ৰীষ্মকালত পোৱা ফল আৰু সতেজ ফলৰ ৰস সেৱন কৰি দেহটোক গৰমৰ পৰা বহু পৰিমাণে সকাহ দিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ