অভিনেত্ৰী মালাইকা আৰোৰাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পাৰোৱানা৷ জনা গৈছে ২০১২ চনৰ এক গোচৰত প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ হাজিৰ হোৱা নাছিল৷ যাৰবাবে মুম্বাইৰ মেজিষ্ট্ৰেট আদালতে জামিনযোগ্য ধাৰাত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে তেওঁৰ বিৰুদ্ধে৷
ঘটনাৰ সূত্ৰপাত ২০১২ চনৰ ২১ ফেব্ৰুৱাৰীত৷ মুম্বাইৰ কোলাবা এলেকাত এখন পঞ্চতাৰকা হোটেলত এন আৰ আই শিল্পপতি ইকবাল শৰ্মাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল ছেইফ আলি খান, উদ্যোগী বিলাল আমৰোহি আৰু মালাইকাৰ ভগ্নীপতি ছাহিল লাডাখৰ বিৰুদ্ধে৷ সেই ঘটনাৰেই প্ৰত্যক্ষদৰ্শী হিচাপে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল মালাইকাক৷
সংবাদসংস্থা পিটিআইৰ সূত্ৰৰ পৰা জনা গৈছে যে চলিত গোচৰত মুখ্য বিচাৰক মেজিষ্ট্ৰেট কে এছ জানৱাৰে ঘটনাৰ সাক্ষীসকলৰ সাক্ষ্য গ্ৰহণ কৰিছিল৷ মালাইকা আৰোৰাকো সাক্ষ্য প্ৰদানৰ বাবে বিগত ১৫ ফেব্ৰুৱাৰীত জামিনযোগ্য চমন পঠিওৱা হৈছিল৷ কিন্তু অভিনেত্ৰীগৰাকী আদালতত উপস্থিত নহয়৷ সেয়ে অভিনেত্ৰীক পুনৰায় আদালতত হাজিৰ হোৱাৰ বিষয়ে জামিনযোগ্য পাৰোৱানা জাৰি কৰে আদালতে৷ গোচৰত আগন্তুক শুনানিৰ দিন ২৯ এপ্ৰিল৷
উল্লেখ্য এই ঘটনাত ছেইফ আলি খান, ছাকিল লাডাখ আৰু বিলাল আমৰোহিক গ্ৰেপ্তাৰ কৰা হয়৷ পাছলৈ তেওঁলোকে জামিনত মুক্ত হয়৷ তেওঁলোকৰ বিৰুদ্ধে ৩২৫ ধাৰাত চাৰ্জশ্বিট দাখিল কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত ছাফাই দি ছেইফে দাবি কৰিছে যে ইকবাল আৰু তেওঁৰ সৈতে থকা মহিলাসকলক উদ্দেশ্যি কটুক্তি কৰাক লৈ ঘটনাৰ সূত্ৰপাত হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ