অসম লাইভ ২৪ঃ ক’ৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌত পুনৰ স্তব্ধ দেশৰ কেইবাখনো ৰাজ্য। ২৪ ঘণ্টাত ৮ ৰাজ্যত আক্ৰান্ত হ’ল সৰ্বমুঠ ৬৮,০২০ গৰাকী লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য। মহাৰাষ্ট্ৰ, কৰ্ণাটক, পাঞ্জাৱ, মধ্যপ্ৰদেশ, গুজৰাট, কেৰালা, তামিলনাডু আৰু ছত্তিশগড়ত নতুনকৈ আক্ৰান্ত হৈছে ৮৪.৫ শতাংশ লোক। ইয়াৰ বিপৰীতে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৯১গৰাকী ব্যক্তিৰ। ক’ৰোণাত আক্ৰান্ত লোকৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত পুনৰ লক ডাউনৰ হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইতিমধ্যেই ৰাজ্যখনত জাৰি কৰা হৈছে সান্ধ্য আইন। উল্লেখ্য, কোভিডৰ দ্বিতীয় ঢৌত বৰ্তমানলৈকে ভাৰতত আক্ৰান্ত হৈছে ৪,৫২,২৪০ গৰাকী লোক। সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। পূৰ্বেও মহাৰাষ্ট্ৰত অতি ভয়াৱহ ৰূপ লৈছিল কোভিডে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ