অসম লাইভ ২৪ঃ ভাৰতত বৰ্তমান ক’ৰোনাৰ ভয়াৱহ ৰূপ। এই সংকটকালৰ মাজতে দেশৰ প্ৰান্তে প্ৰান্তে লোকসকলক দিয়া হৈছে ভেকচিন। তথাপিও কিন্তু প্ৰত্যেকদিনে দেশৰ তিনি লাখৰো অধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত। ভেকচিন প্ৰদান কৰা হৈছে যদিও এনে বহু ঘটনা পোহৰলৈ আহিছে যি ঘটনাই আচৰিত কৰি তুলিছে সকলোকে। ভেকচিনৰ দুটা ড’জ লোৱাৰ পাছতো বহু লোক আক্ৰান্ত হৈছে ক’ৰোনাত। আনকি দুই-এজনৰ মৃত্যুও ঘটিছে। তথাপিও কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ এটা ঘোষণাই ভাৰতবাসীৰ মনতো আশাৰ সঞ্চাৰ আনিছে। আমেৰিকাত ইতিমধ্যে ঘোষণা কৰা হৈছে যে যিসকলে দুটা ড’জ ভেকচিন লৈছে সেইসকলে মাস্ক নিপিন্ধিলেও হ’ব। কিন্তু ভাৰতত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। কিয়নো ভাৰতত বৰ্তমান ক’ৰোনাৰ তৃতীয় লহৰে বাৰুকৈয়ে বিপদত পেলাইছে সকলোকে। সেইবাবে দুটা ড’জ লোৱাৰ পাছতে দেশত মাস্কবিহীন জীৱন অসম্ভৱ। তথাপিও কিন্তু প্ৰশ্ন উঠিছে যে কিমান কোটি লোকে ভেকচিনৰ দুটা ড’জ ল’লে ক’ৰোনাৰ তৃতীয় লহৰক পৰাস্ত কৰিবলৈ সক্ষম হ’ব। বৰ্তমানলৈকে ভাৰতত প্ৰায় ১১ কোটি লোকে ক’ৰোনা ভেকচিনৰ দ্বিতীয় ড’জ আৰু প্ৰায় ১৩ কোটিৰো অধিক লোকে প্ৰথম ড’জ গ্ৰহণ কৰিছে। বিপৰীতে কিন্তু আমেৰিকাৰ প্ৰায় ৩৫ শতাংশ লোকেই দুয়োটা ড’জ লৈছে আৰু ৪৫ শতাংশ লোকে প্ৰথমটো ড’জ লৈছে। বিশেষজ্ঞসকলৰ মতে ক’ৰোনাৰ সংহাৰী এই তৃতীয় লহৰক ভাৰতে পৰাস্ত কৰিবলৈ হ’লে দেশৰ ৫১ কোটি লোকক অতি ক্ষিপ্ৰতাৰে ভেকচিন প্ৰদান কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ