অসম লাইভ ২৪ঃ ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণে সংকটত পেলাইছে সমগ্ৰ দেশক। বিগত কিছু দিনত ৰাজধানী দিল্লীত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। মুম্বাইতো পৰিস্থিতি ভয়াৱহ। তাৰ মাজতে ভেকচিনৰ অভাৱে সম্প্ৰতি জুৰুলা কৰিছে মুম্বাইবাসীক। বন্ধ হৈ পৰিছে ইটোৰ পাছত সিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰ। ভেকচিনৰ অভাৱত ৭১টা ব্যক্তিগত প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ ২৫টা বৰ্তমান বন্ধ হৈ আছে। মুঠ ১২০টা কেন্দ্ৰৰ কেৱল ২৯ টা কেন্দ্ৰতহে প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ৯১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ নিষ্ক্ৰিয় অৱস্থাত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ