ফিল্ডত ক্ৰিষ্টিয়ানো ৰোনাল্ডোয়ে একাধিক ৰেকৰ্ড গঢ়িছে৷ এইবাৰ সামাজিক মাধ্যমত এইবাৰ অভিনৱ ৰেকৰ্ড গঢ়িছে ছিআৰ ছেভেনে৷ মঙলবাৰে অৰ্থাৎ ২০ আগষ্টত ইউটিউব চেনেল খুলিছে পৰ্তুগীজ ছুপাৰষ্টাৰজনে৷ মাত্ৰ ১ঘণ্টাৰ ভিতৰত ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈ পৰিছে ১ মিলিয়নৰ অধিক৷ এখন ফুটবল মেচ হয় ৯০ মিনিটৰ, খেলত যদি কোনোৱে গল দিব নোৱাৰে তেন্তে অতিৰিক্ত কিছু সময় বঢ়াই দিয়া হয়৷
এখন ফুটবল মেচত যিমান সময় লাগে সিমান সময়ৰ ভিতৰত ছিলভাৰ প্লে বাটন লাভ কৰিছে ৰোনাল্ডোৱে৷ কেৱল ৰূপেই নহয় ৰোনাল্ডো এদিনৰ ভিতৰত গল্ডেন প্লে বাটন পোৱাৰো যোগ্যতা অৰ্জন কৰিছে৷ তাৰপাছতেই হীৰাও লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে ৰোনাল্ডোয়ে৷
ইউটিউবৰ নিয়ম অনুসৰি ১লাখ ছাৱস্ক্ৰাইবাৰ হ’লে ছিলভাৰ প্লে বাটন পায় কনটেণ্ট ক্ৰিয়েটৰে৷ ১০ লাখ ছাবস্ক্ৰাইবাৰ হ’লে গোল্ড প্লে বাটন দিয়া হয়৷ আৰু ১ কোটি ছাবস্ক্ৰাইবাৰ হ’লে ডায়মণ্ড প্লে বাটন দিয়া হয়৷ ২১ আগষ্টত ৰোনাল্ডোয়ে নিজৰ ইউটিউব চেনেল খুলিছে৷ আজি ২৩ আগষ্ট৷ ইতিমধ্যেই তেওঁৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩১.৫ মিলিয়ন৷
তেওঁ এই সময় সীমাৰ মাজত আপলোড কৰিছে ১৯টা ভিডিঅ’৷ ২২ আগষ্টত ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ৩.৪৭ মিনিটত ৰোনাল্ডোৱে তেওঁৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে৷ তাতেই দেখা গৈছে যে তেওঁ আৰু তেওঁৰ সন্তানে মিলি ইউটিউবৰ গোল্ডেন প্লে বাটন খুলিছে৷ তেওঁৰ পৰিয়ালৰ সকলো লোকেই এই প্লে বাটন লৈ সুখ প্ৰকাশ কৰিছে৷ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যা বাঢ়িছে৷ ফলত একাধিক ৰেকৰ্ডো গঢ়ি তুলিছে তেওঁ৷ দ্ৰুত ১০ মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱা চেনেল হিচাপে পৰিগণিত হৈছে UR · Cristianoৰ ইউটিউব চেনেল৷
উল্লেখ্য যে সামাজিক মাধ্যমত ৰোনাল্ডো জনপ্ৰিয়৷ এক্স হেণ্ডেলত তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা ১১২.৬ মিলিয়ন৷ ফেছবুকত তেওঁ ফলোৱাৰ্ছ ১৭০ মিলিয়ন৷ আৰু ইনষ্টাগ্ৰামত ৰোনাল্ডোৰ ফলোৱাৰ্ছ ৬৩৬ মিলিয়ন৷ বৰ্তমানলৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছেগৈ ৩১. ৭ মিলিয়ন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ