অসম লাইভ ২৪ঃ ভাৰতত কোভিডৰ দ্বিতীয় ঢৌ মাৰ নৌযাওতেই বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ পোহৰলৈ আনিছে আন এক ভয়ংকৰ তথ্য৷ দক্ষিণ আফ্ৰিকাত চিনাক্ত হৈছে কোভিডৰ নতুন ভেৰিয়েণ্ট৷ দক্ষিণ আফ্ৰিকাৰ গৌটেঙত তীব্ৰবেগত সংক্ৰমিত হৈছে কোভিডৰ নতুন B.1.1.529 ভেৰিয়েণ্ট৷ পূৰ্বৰ তুলনাত অধিক সংক্ৰামক কোভিডৰ এই শেহতীয়া ভেৰিয়েণ্ট ৷ ২৫ নবেম্বৰত দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্যমন্ত্ৰী জ’ ফাহলা ঘোষণা কৰে এই তথ্য৷ তাৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই আজি জৰুৰীভাৱে আয়োজন কৰে এক গুৰুত্বপূৰ্ণ বৈঠক৷ তথ্য অনুসৰি, কোভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে মধ্য বয়সৰ লোকসকল৷ এই ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি বিশ্ববাসীৰ পৰা সমৰ্থন বিচাৰিছে দক্ষিণ আফ্ৰিকা আৰু আফ্ৰিকাই৷ ইতিমধ্যে চীনকে ধৰি বিশ্বৰ অন্য প্ৰান্ততো কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে বিগত কিছু দিনত৷ গতিকে বিশ্ব স্বাস্থ্য সংস্থাৰ এই তথ্যই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে বিশ্ববাসী তথা ভাৰতবাসীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ