কেনে যাব আজি বিশ্বকৰ্মা পূজাৰ দিনটো, অনন্ত চতুৰ্দশীৰ বাবে উজলি উঠিব কেইবাটাও ৰাশি
আজি এক অতি বিশেষ দিন। আজি ১৭ ছেপ্টেম্বৰ তাৰিখে অনন্ত চতুৰ্দশী আৰু বিশ্বকৰ্মা পূজা একেলগে পৰিছে। পঞ্চাঙৰ মতে, আজি শুক্ল পক্ষৰ উদয় তিথি চতুৰ্দশী আৰু দিনটো মঙলবাৰ। ৰাশি অনুযায়ী কেনে যাব আজিৰ দিনটো-
মেষ ৰাশি
উৎসাহ আৰু শক্তিৰে ভৰা হ’ব। ঘৰুৱা সামগ্ৰী বৃদ্ধি পাব। পত্নীৰ সৈতে সম্পৰ্ক ঠিকেই থাকিব। ৰাতিপুৱা বজৰং বান পাঠ কৰি বান্দৰক গুড়, আৰু কল খুৱাব।
বৃষ ৰাশি
ইচ্ছাৰ লগত আপোচ কৰাৰ প্ৰৱণতা পৰিহাৰ কৰক। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক ৰিস্ক নকৰিব ব্যৱসায়িক সুনাম বৃদ্ধি পাব। ৰাতিপুৱা দুখীয়াক খুৱাই ভগৱান শুক্ৰৰ বীজ মন্ত্ৰ জপ কৰক।
মিথুন ৰাশি
ডাঙৰ ডাঙৰ কৃতিত্ব অৰ্জন কৰিব পাৰে। শুক্ৰৰ পৰিৱৰ্তনৰ বাবে ভ্ৰমণৰ সম্ভাৱনা আছে। ৰাতিপুৱা গৰুক সেউজীয়া পশুখাদ্য খুৱাই মংগল গ্ৰহৰ বীজ মন্ত্ৰ জপ কৰক।
কৰ্কট ৰাশি
পেছাদাৰী জীৱনত নতুন সুযোগৰ সৃষ্টি হ’ব। ধন-সম্পত্তি আৰু খ্যাতি বাঢ়িব আপুনি মহিলা বিষয়াৰ পৰা সমৰ্থন পাব আৰু সফলতা লাভ কৰিব। সামাজিক প্ৰতিপত্তি বাঢ়িব। ৰাতিপুৱা এজন দুখীয়া মানুহক আটা বা চাউল দান কৰি চন্দ্ৰ বীজ মন্ত্ৰ জপ কৰক।
সিংহ ৰাশি
মনৰ মাজত হতাশাৰ অনুভূতি আহিব। সৃষ্টিশীল প্ৰচেষ্টাই ফল দিব। জীৱিকাৰ ক্ষেত্ৰত অগ্ৰগতি হ’ব। পাৰিবাৰিক জীৱন সুখী হ’ব। সামাজিক কামৰ প্ৰতি আগ্ৰহী হ’ব। ৰাতিপুৱা সূৰ্য্যক পানী আগবঢ়াওক। গুড় খুৱাওক গৰুক।
কন্যা ৰাশি
সিদ্ধান্ত লোৱাৰ সময়ত সমস্যাৰ সন্মুখীন হ’ব পাৰে। উপহাৰ বা সন্মান বাঢ়িব। গুৰুৰ পৰা সমৰ্থন পাব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে সৰু সৰু কথাত অপ্ৰয়োজনীয়ভাৱে মানসিক চাপ নিদিব, নহ’লে আপোনাৰ মানসিক অৱস্থা ভাল নহ’ব। বুদ্ধৰ বীজ মন্ত্ৰ জপ কৰক।
তুলা ৰাশি
সম্পূৰ্ণ পৰিৱৰ্তনৰ দিশত পদক্ষেপ ল’ব। পেছাগত সুনাম বৃদ্ধি পাব বিবাহিত জীৱন সুখী হব। ৰাতিপুৱা শুক্ৰৰ বীজ মন্ত্ৰ জপ কৰক।
বৃশ্চিক ৰাশি
বিস্তৃত অভিজ্ঞতাৰ মাজেৰে যাব। চৰকাৰৰ সহযোগিতা থাকিব। সম্পৰ্কত ঘনিষ্ঠতা থাকিব। ৰাতিপুৱা হনুমান চলিছা পাঠ কৰি বান্দৰক কল খুৱাব।
ধনু ৰাশি
সম্পৰ্কৰ পৰিৱৰ্তন হ’ব পাৰে। উপহাৰ বা সন্মান বাঢ়িব। পাৰিবাৰিক বিষয়ত জড়িত থাকিব। পৰিয়ালৰ পৰা সমৰ্থন পাব। বৃহস্পতিৰ বীজ মন্ত্ৰ জপ কৰক।
মকৰ ৰাশি
কোনো সহকৰ্মীয়ে আপোনাৰ লগত কোনো কাৰণ নোহোৱাকৈ তৰ্ক কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক আপোনাৰ সন্তানৰ আচৰণক লৈ আপুনি চিন্তিত হ’ব পাৰে। ৰাতিপুৱা শনি দেৱৰ বীজ মন্ত্ৰ জপ কৰি আহত কুকুৰটোৰ চিকিৎসা কৰাব।
কুম্ভ ৰাশি
ব্যক্তিগত সম্পৰ্কৰ প্ৰতি সংবেদনশীল হ’ব। আৰ্থিক বিষয়ত ৰিস্ক ল’ব নালাগে। উত্তেজনা হ’ব পাৰে। বুদ্ধিমত্তাৰে কৰা কামে আপোনাক সফল কৰি তুলিব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা আছে। সন্ধিয়া শনি মন্দিৰলৈ গৈ তেলৰ চাকি জ্বলাই দিব।
মীন ৰাশি
সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব। ভাল মানুহৰ লগত সম্পৰ্ক গঢ় লৈ উঠিব। আপুনি লাভ কৰিব ভাল খবৰ। অৰ্থনৈতিক বিষয়ত অগ্ৰগতি হ’ব। বৃহস্পতিৰ বীজ মন্ত্ৰ জপ কৰি গৰুক খাদ্য খুৱাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ