দৈনিক ৰাশিফল- আজি ইন্দ্ৰ যোগৰ পুষ্য নক্ষত্ৰ, কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে, ৫ ৰাশিৰ জয়জয় ময়ময়
মেষ ৰাশি
আজি কোনো বিশেষ জ্ঞানী মানুহৰ সৈতে আপোনাৰ দেখা হ’ব৷ জ্ঞানী লোকৰ পৰা জ্ঞান আহৰণো কৰিব পাৰে৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ মেনেজমেণ্টৰ প্ৰশংসা পাব৷ শত্ৰুপক্ষই আপোনাৰ মনোবল ভঙাৰ চেষ্টা কৰিব পাৰে, কিন্তু কাণ নিদি নিজৰ কামত আগুৱাই যাওক৷ আজি আৰ্থিকভাৱে লাভৱান হ’ব মেষ ৰাশিৰ জাতক-জাতিকা৷
বৃষ ৰাশি
বৃষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো স্মৰণীয় হ’ব পাৰে। জীৱনত হঠাৎ ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। কেৱল দৈনন্দিন সমস্যাৰ সমাধান পোৱাই নহয়, আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ব্যৱসায়ৰ উত্থান হ’ব পাৰে, বৃহৎ লাভৰ আশা কৰা হৈছে। কাৰ্যালয়ত কাম কৰা লোকৰ সন্মান বাঢ়িব।
মিথুন ৰাশি
মঙ্গলা গৌৰী ব্ৰতত বৰিয়ান যোগৰ প্ৰভাৱত আজি হঠাৎ অৰ্থলাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতক-জাতিকাই৷ ব্যৱসায়িক যাত্ৰাত লাভৱান হ’ব আপুনি৷ ব্যৱসায়ত উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব পাব পাৰে৷ পৰিয়ালক নিজৰ কাষত পাব৷ সকলো কামতে এনাৰ্জি থাকিব আপোনাৰ৷
কৰ্কট ৰাশি
মহাদেৱ শিৱৰ কৃপাত কৰ্কট ৰাশিৰ লোকৰ জীৱনৰ বহু সমস্যা সমাধান হ’ব। ধন-সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন কিন্তু স্থায়ী আয়ৰ উৎসৰ সৃষ্টি হ’ব। জীৱনত স্থিৰতা থাকিব। ব্যক্তিগত চাকৰিত নিয়োজিত লোকসকলে কামৰ বোজাৰ পৰা সকাহ পাব পাৰে।
সিংহ ৰাশি
এই ৰাশিৰ লোকসকলে আজি তেওঁলোকৰ পাৰিবাৰিক জীৱনত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় বজাই ৰাখিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা উত্তেজনা আজি সমাধান হ’ব। আজি আপুনি এগৰাকী মহিলা বন্ধু বা আত্মীয়ৰ পৰা লাভ আৰু সমৰ্থন লাভ কৰিব।
কন্যা ৰাশি
কাইলৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ শুভ প্ৰভাৱত উন্নতিৰ বহু সুযোগ আপুনি পাব পাৰে৷ নতুন মাটি ক্ৰয়ৰ সপোন থাকিলে এই সময়ত পূৰ্ণ হ’ব৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলে সফল হ’ব৷ কোনো গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব কিন্তু সফল নহয়৷ ব্যৱসায়ত কাইলৈ বিশেষ উন্নতি কৰাৰ যোগ আছে৷ পৰিয়ালত কাইলৈ সুখৰ পৰিবেশ থাকিব৷
তুলা ৰাশি
যিকোনো গুৰুত্বপূৰ্ণ কাম আজি পিতৃৰ সহায়ত সম্পূৰ্ণ হ’ব। যদি ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বিবাদ চলি আছে, তেন্তে আজি এই কথাটো সমাধান কৰিব পৰা যাব। বন্ধু-বান্ধৱীৰ পৰাও আজি সহযোগিতা লাভ কৰিব। যিসকল ৰাজনীতি আৰু সামাজিক খণ্ডৰ লগত জড়িত, তেওঁলোকৰ প্ৰভাৱ আৰু সন্মান আজি বাঢ়িব, আনকি আপোনাৰ বিৰোধীয়েও আজি আপোনাক প্ৰশংসা কৰিব পাৰে।
বৃশ্চিক ৰাশি
কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে বৃশ্চিক ৰাশিৰ লোকে৷ মহাদেৱ আৰু পাৰ্বতীৰ আশীৰ্বাদত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব৷ আপুনি নিজৰ পছন্দমতে মাটি ক্ৰয় কৰিব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দেৰে দিনটো কটাব৷ বিনিয়োগৰ পৰা লাভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে আজি এক সুখকৰ দিন হ’ব। প্ৰেম জীৱনত আজি প্ৰেমিকৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। আজি শিশুৰ সৈতে মনোৰঞ্জনমূলক মুহূৰ্ত কটাব। আজি আপুনিও আগবাঢ়ি আহিব লাগিব আত্মীয় এজনক সহায় কৰিবলৈ। যিসকলে ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে আজি তেওঁলোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব।
মকৰ ৰাশি
বজৰংবলীৰ আশীৰ্বাদত কোনো সুখবৰ পাব মকৰ ৰাশিৰ জাতকে৷ আপোনাৰ ঘৰত অতিথিৰ আগমণ হ’ব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব মকৰ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ পৰাও মোটা টকা লাভ কৰিব পাৰিব৷ ভাতৃৰ সৈতে কাইলৈ সম্পৰ্ক মজবুত হ’ব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ বাবে আজি এক সুখকৰ দিন হ’ব। ব্যৱসায়ত আজি লাভ পাব। আপুনি আজি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিব পাৰে। ব্যৱসায়ত আৱদ্ধ হৈ থকা আপোনাৰ সামগ্ৰী আজি মুকলি কৰিব পাৰিব। হনুমানৰ বিশেষ আশিৰ্বাদ থাকিব আজি।
মীন ৰাশি
মীন ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো স্মৰণীয় হ’ব পাৰে। জীৱনত হঠাৎ কিন্তু ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। কেৱল দৈনন্দিন সমস্যাৰ সমাধান পোৱাই নহয়, আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ব্যৱসায়ৰ প্ৰচণ্ড উত্থান হ’ব পাৰে, বৃহৎ লাভৰ আশা কৰা হৈছে। কাৰ্যালয়ত কাম কৰা লোকৰ সন্মান বাঢ়িব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ