নলবাৰীৰ পৰা চন্দন শৰ্মাঃ নলবাৰীৰ ইউনাইটেড হস্পিতালৰ শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে৷
নলবাৰীৰ ইউনাইটেড হস্পিতালৰ চৌহদৰ শৌচালয়ত হস্পিতালৰ ওচৰৰে ৰাজনগৰৰ ৰিচিমণি আহমেদ নামৰ এজন ২৫ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
দেওবাৰে দিনৰ এঘাৰ মান বজাত হস্পিতালৰ কৰ্মচাৰীয়ে প্ৰস্ৰাৱাগাৰৰ শৌচালয়ৰ ভিতৰত যুৱকজনৰ মৃতদেহ প্ৰত্যেক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷
আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
আৰক্ষীয়ে যুৱকজন ড্ৰাজছ আসক্ত বুলি সন্দেহ কৰাৰ লগতে মৃতদেহৰ ওচৰত ড্ৰাগছ লোৱা এটা চিৰিঞ্জো উদ্ধাৰ কৰিছে৷
ইপিনে আৰক্ষীৰ সন্দেহৰ বিপৰীতে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে৷
ৰাজনগৰৰ ৰিংকু আলীৰ পুত্ৰ ৰিচিমণি আহমেদে ছমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ মৃত যুৱকজনৰ পিতৃয়ে পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















