মৃত্যু উপত্যকাত পৰিণত ৱাইনাড, ৪৫ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা
এফালে গৰমে দহিছে বহু ৰাজ্যৰ লোকক। গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেশৰ বহু ৰাজ্যই বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিছে, আনফালে বৰষুণে বহু ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
কেৰালাত ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া মৃত্যু উপত্যকাত পৰিণত হৈছে ৰাজ্যখনৰ ৱাইনাড । যাৰ বাবে জনসাধাৰণে বহু সমস্যাৰ সন্মুখীন হৈছে।
আজি মঙলবাৰে পুৱা কেৰালাৰ ৱাইনাড জিলাৰ মেপ্পাডিৰ সমীপৰ পাহাৰীয়া অঞ্চলত ব্যাপক ভূমিস্খলনৰ ফলত শ শ লোক আৱদ্ধ হৈ পৰে। একে সময়তে এই দুৰ্ঘটনাত বৰ্তমানলৈ ৪৫ জন লোকৰ মৃত্যু হৈছে।
মঙলবাৰে পুৱা ৱায়ানাড জিলাৰ উচ্চ উচ্চতাৰ গাঁওসমূহত ভূমিস্খলনৰ ফলত ধ্বংসাৱশেষৰ স্তূপ আৰু ধ্বংসপ্ৰাপ্ত ঘৰৰ মাজত আৱদ্ধ হৈ পৰা লোকসকলে সহায়ৰ আহ্বান জনাইছে।
ধ্বংসস্তুপৰ মাজত আৱদ্ধ হৈ পৰিছে শ শ লোক। বহু লোকৰ চিঞৰ শুনিবলৈ পোৱা গৈছে আৱদ্ধ হৈ থকা লোকৰ। আনহাতে ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত সমস্যা হোৱাৰ পাছতো উদ্ধাৰ অভিযানত হেলা কৰা নাই উদ্ধাৰকাৰী দলে। ক্ৰুটি নহোৱাকৈ উদ্ধাৰ অভিযান চলাই আছে এছ ডি আৰ এফ , এন ডি আৰ এফ, সেনা আদিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ