অসম লাইভ২৪ঃ তুৰস্ক আৰু ছিৰিয়াত মৃতকৰ সংখ্যা বাঢ়িয়েই আছে৷
বৰ্তমানলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৮ হাজাৰৰো অধিক৷
আহতৰ সংখ্যা এতিয়াও গণনাতীত৷
তুৰস্ক আৰু ছিৰিয়াত সোমবাৰ আৰু মঙলবাৰে এটাৰ পাছত আনটো ভূমিকম্প৷
সূত্ৰৰ খবৰ অনুসৰি দুয়োখন দেশ মিলি কমেও ২ কোটি ৩০ লাখ মানুহ ক্ষতিগ্ৰস্থ হৈছে৷
এইসকলৰ ভিতৰত আছে ১৪ লাখ শিশু৷
নিশাৰ ভিতৰতে গৃহহীন হৈছে বহুলোক৷
প্ৰবল শীতৰ বাবে উদ্ধাৰকাৰ্যতো ব্যাঘাত জন্মিছে বুলি এক সূত্ৰই উল্লেখ কৰিছে৷
ভূমিকম্পত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে তুৰস্কৰ হাতায় প্ৰদেশ৷
ইতিমধ্যে তুৰস্কৰ ১০ খন চহৰক বিপৰ্যস্ত চহৰৰূপে ঘোষণা কৰা হৈছে৷
এইকেইটা এলেকাত তিনি মাহৰ বাবে জাৰি থাকিব নিৰাপত্তাৰ ব্যৱস্থা৷
তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডোয়ানে দেশত ৭ দিনীয়া জাতীয় শোকো ঘোষণা কৰিছে৷
বিশ্বৰ ৭০ খন দেশ তুৰস্কৰ কাষত থিয় দিয়া বুলি জনাইছে তুৰস্কৰ চৰকাৰে৷
সামগ্ৰীৰ তুলনাত দেশখনক এতিয়া উদ্ধাৰকাৰী দলৰহে বেছি আৱশ্যক বুলিও জনাইছে দেশৰ চৰকাৰে৷
বুধবাৰে পুৱাই ভাৰতৰ পৰা এটা বিশেষ দল উপস্থিত হৈছেগৈ তুৰস্কত৷
সদস্য দলটোৱে প্ৰয়োজনীয় ঔষধ, প্ৰশিক্ষিত কুকুৰ সহ প্ৰয়োজনীয় সামগ্ৰী লৈ থিয় দিছে তুৰস্কৰ কাষত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ