মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ
দিল্লীত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিয়ে কেবিনেট মন্ত্ৰীৰ তালিকাও চূড়ান্ত কৰে। আজি ২০ ফেব্ৰুৱাৰী তাৰিখে ৰামলীলা ময়দানত দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিব।
সকলো শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী বাছনি কৰা হৈছে। কিন্তু বিজেপি চৰকাৰত উপ-মুখ্যমন্ত্ৰী থাকিব নে নাথাকিব সেই সন্দৰ্ভত দলটোৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।
দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ বাবে নাৰী আৰু বৈশ্য সম্প্ৰদায়ক আগস্থান দিয়া হৈছে। আনহাতে মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত পূৰ্বাঞ্চল, পাঞ্জাবী, ব্ৰাহ্মণ আৰু দলিত সম্প্ৰদায়ৰ কথা আগত ৰাখি এই নিৰ্বাচন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰাৰ সমান্তৰালকৈ হাইকমাণ্ডে মন্ত্ৰীসকলৰ নামো নিৰ্বাচন কৰিছিল। আজি দিল্লীত ৰেখা গুপ্তাৰ সৈতে এই মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিব।
ভাৰ্মাৰ বাহিৰেও বিজেপি মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বিধায়কসকলৰ ভিতৰত আছে আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, পংকজ সিং, ৰবিন্দৰ সিং ইন্দ্ৰজ আৰু কপিল মিশ্ৰ। দলীয় সূত্ৰ অনুসৰি কেন্দ্ৰীয় নেতৃত্বই সকলো সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাৰ নাম নিৰ্ধাৰণ কৰিছে।
উল্লেখ্য যে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহাব সিং ভাৰ্মাৰ পুত্ৰ প্ৰবেশ ভাৰ্মাই আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰিছিল। মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰৱেশ ভাৰ্মাও অন্যতম শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল।
ৰামলীলা ময়দানত আজি বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , তেওঁৰ কেবিনেট সতীৰ্থ আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কিছু বিশেষ অতিথিকে ধৰি প্ৰায় ৫০ হাজাৰ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ