দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ
দেশৰ ৰাজধানী দিল্লীত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সকলো দলেই উঠি পৰি লাগিছে নিজ নিজ দলৰ গুণানুকীৰ্তন কৰিবলৈ। অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব দিল্লীৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ বতাহ লাগিছে অসমতো।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিল্লীৰ দুখনকৈ সভা সম্বোধন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই উত্তম নগৰ আৰু কৰোলবাগ বিধানসভা দুখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে।
এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই খেদ প্ৰকাশ কৰি কয় যে, – এই অঞ্চল দুটাৰ পৰা অন্য ঠাইলৈ যাতায়ত কৰাটো বিপজ্জনক। এই অঞ্চলৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও উল্লেখ কৰে শৰ্মাই।
দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে দিল্লী চৰকাৰৰ বিফলতাৰ খতিয়ান দাঙি ধৰি কয় যে- ৰাজধানী হৈয়ো দিল্লীত অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰী, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁঠনি আৰু আইন শৃংখলাৰ দুৰ্বলতাৰ কথা দাঙি ধৰে।
আনহাতে কেৱল কেজৰিৱালকেই নহয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীকো ক্ষমতাহীন লগতে কেৱল নামৰ মুখ্যমন্ত্ৰী বুলি অবিহিত কৰে। লগতে কয় যে, কেজৰিৱালে কাৰাগাৰত থকাৰ পৰাই দিল্লীত ৰিমোৰ্ট ৰাজনীতি কৰি দিল্লীৰ জনসাধাৰণক প্ৰতাৰণা কৰি আহিছে। লগতে বহু ব্যংগাত্মকভাৱেও কটাক্ষ কৰে কেজৰিৱালক।
মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালৰ হাৰিয়ানাৰ যমুনাৰ পানী বিষক্ৰিয়াৰ দাবীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে আৰু এই কথাৰ ওপৰত দুখ প্ৰকাশ কৰি কয় যে, কিদৰে কোনোৱে নিজৰ জন্মস্থানক দোষাৰোপ কৰি নিজৰ বিফলতা লুকুৱাবলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰিব পাৰে।
শেষত অসমকে কৰি বিজেপিৰ শাসন থকা সকলো ৰাজ্যৰে সুশানৰ ট্ৰেক ৰেকৰ্ডৰ সন্দৰ্ভত আলোকপাত কৰি শৰ্মাই দিল্লীৰ জনসাধাৰণক বিজেপিক চৰকাৰ হিচাপে নিৰ্বাচন কৰিবলৈ আহ্বান জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ