নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ
মাজ নিশা এক অতিকে শোকাৱহ ঘটনাই কঁপাই যায় ৰাজধানী দিল্লী। দিল্লীৰ মুস্তাফাবাদত এটা চাৰি মহলীয়া অট্টালিকা ভাঙি সমাধিস্থ বহু লোক। এতিয়ালৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ১৪ গৰাকী, ইয়াৰে ভিতৰত ৪ গৰাকী নিহত, আন ১০গৰাকীৰ অৱস্থা সংকটজনক।
দিল্লীৰ মুস্তাফাবাদ অঞ্চলত মাজনিশা প্ৰায় ২.৫০ মান বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে লাভ কৰে মুস্তাফাবাদত এটা চাৰি মহলীয়া অট্টালিকা খহি পৰাৰ কথা। লগে লগে ঘটনাস্থলীত উপস্থিত হয় দলটো। উদ্ধাৰকাৰী দলে লগে লগে আৰম্ভ কৰে উদ্ধাৰ অভিযান।
গভীৰ টোপনিত থকা অৱস্থাতে এই ঘটনা সংঘটিত হোৱাৰ ফলত অট্টলিকাটোত থকা কোনো লোকেই নিজকে ৰক্ষা কৰিব নোৱাৰে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈ ৪ জন লোকৰ নিথৰ দেহ উদ্ধাৰ কৰিছে। আনহাতে ৩০ৰো অধিক লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা।
https://x.com/ANI/status/1913409660956381447
তথ্য লাভ কৰি এনডিআৰএফ আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।
সন্দেহ কৰা অনুসৰি, শুকুৰবাৰে ধাৰাসাৰ বৰষুণৰ দি থকাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে এতিয়া অব্যাহত আছে উদ্ধাৰ অভিযান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















