অসম লাইভ ২৪ঃ দিল্লীত সুৰাৰ হোম ডেলিভাৰীৰ ক্ষেত্ৰত কেজৰিৱাল চৰকাৰৰ অনুমোদন। এতিয়াৰে পৰা মোবাইল এপ বা অনলাইন ৱেব পৰ্টেলৰ জৰিয়তে বুকিং কৰি ঘৰতেই সুৰা লাভ কৰিব দিল্লীবাসীয়ে। সুৰাৰ দোকানসমূহত গ্ৰাহকৰ ভিৰ কমাবলৈ হোম ডেলিভাৰীৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে দিল্লী প্ৰশাসনে। দিল্লীৰ আৱকাৰী (সংশোধন) নীতি ২০২১ৰ অধীনত, L-13 অনুজ্ঞাপত্ৰ থকা বিক্ৰেতাক সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে। অধিসূচনা অনুসৰি, কেৱল মোবাইল এপ অথবা অনলাইন ৱেব পৰ্টেলৰ মাধ্যমেৰে অৰ্ডাৰ লাভ কৰিলেহে হোম ডেলিভাৰী দিব পাৰিব অনুজ্ঞাপত্ৰ থকা বিক্ৰেতাই আৰু ছাত্ৰাবাস, অফিচ বা যিকোনো প্ৰতিষ্ঠানত ডেলিভাৰীৰ ব্যৱস্থা কৰিব নোৱাৰিব। ক’ৰোনা সংক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে হ্ৰাস পোৱাত দিল্লীত আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া। কিন্তু বৰ্তমানেও সুৰাৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা নাই চৰকাৰে। এনে ক্ষেত্ৰত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হৈছে চৰকাৰ। গতিকে দিল্লী চৰকাৰে সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে বিক্ৰেতাসকলক। উল্লেখ্য, ছত্তিশগড় চৰকাৰে সৰ্বপ্ৰথমে সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থা আৰম্ভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ