প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰি বিতৰ্কত আদালতৰ ওচৰত পঢ়ুৱৈৰ নথি দেখুৱাবলৈ ৰাজি হৈছে দিল্লী বিশ্ববিদ্যালয়৷ বৃহস্পতিবাৰে দিল্লী হাইকৰ্টে জনাইছে যে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ তথ্য জনাৰ অধিকাৰ আইনৰ এক আবেদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য কমিছনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হয় বিশ্ববিদ্যালয় ডিগ্ৰি সংক্ৰান্তিয় তথ্য প্ৰকাশ্যে অনাৰ বাবে৷ মেহতাই আদালতক জনায় যে কেন্দ্ৰীয় তথ্য কমিছনৰ সেই নিৰ্দেশ বাতিল কৰা উচিত৷ বৃহস্পতিবাৰে শুনানিৰ শেষত ৰায়দান স্থগিত ৰাখিছে দিল্লী হাইকৰ্টৰ বিচাৰপতি শচীন দত্তই৷
মোদীৰ ডিগ্ৰী বিতৰ্কক কেন্দ্ৰ কৰি এই গোচৰ দীৰ্ঘ দিন ধৰি চলিছিল হাইকৰ্টত৷ নীৰজ কুমাৰ নামৰ এগৰাকী আৰ টি আই কৰ্মীয়ে প্ৰথমে দিল্লী বিশ্ববিদ্যালয়ৰ ওচৰত এই তথ্য বিচাৰি আবেদন জনাইছিল৷ ১৯৭৮ চনত স্নাতক স্তৰৰ সকলো পঢ়ুৱৈৰ নাম৷ কোনে কোনে পাছ কৰিছিল কোনে কোনে ফেইল কৰিছিল সেয়াও জানিব খুজিছিল আৰ টি আই কৰ্মীয়ে৷ তেতিয়া বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হয় যে তৃতীয় পক্ষক এনেকৈ তথ্য দিয়া নহ’ব৷ ঘটনাচক্ৰত সেই বছৰতেই স্নাতক হৈছিল মোদীও৷
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আপত্তি জনাই কেন্দ্ৰীয় তথ্য কমিছনৰ ওচৰত আবেদন জনায় নীৰজে৷ তেওঁৰ আবেদনৰ ভিত্তিতেই কমিছনে সেই তথ্য প্ৰকাশ্যে অনাৰ নিৰ্দেশ দিয়ে৷ পাছত সেই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী হাইকৰ্টৰ দ্বাৰস্থ হয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ৷ ২০১৭ চনৰ জানুৱাৰীত গোচৰৰ প্ৰথম শুনানিতেই কমিছনৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে আদালতে৷
বৃহস্পতিবাৰে মেহতাই জনায় যে আদালতৰ ওচৰত তথ্য দেখুওৱাত আপত্তি নাই দিল্লী বিশ্ববিদ্যালয়ৰ৷ সংবাদ সংস্থা পিটিআই অনুসৰি ১৯৭৮ চনত কলা বিভাগৰ এটা ডিগ্ৰীৰ কথাও উল্লেখ কৰে ছলিছিটৰ জেনেৰেলগৰাকীয়ে৷
ইয়াৰ পূৰ্বে বিগত মাহৰ শুনানিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মেহতাই জনাইছিল যে কেৱল কৌতূহল দূৰ কৰাটোৱেই তথ্য জনাৰ অধিকাৰ আইনৰ লক্ষ্য নহয়৷ তেওঁৰ বক্তব্য আছিল, আৰ টি আইৰ আইনৰ ধাৰা অনুসৰি তথ্য জনোৱাই এই আইনৰ উদ্দেশ্য৷ কিন্তু কাৰোবাৰ ব্যক্তিগত কৌতূহল নিবৃত্তি এই আইনৰ উদ্দেশ্য নহয় বুলিও জনাইছে মেহতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ