অসম লাইভ২৪ঃ ৯ মাৰ্চতেই আহিছিল এটা দুঃখবৰ৷ বলীউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰে টুইটযোগে জনাইছিল বৰ্ষীয়ান অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যু৷ অনুপম খেৰে টুইটত জনোৱামতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে জনপ্ৰিয় অভিনেতাগৰাকীৰ৷ মৃত্যুৰ এদিন পূৰ্বে দিল্লীৰ এজন বন্ধুৰ ঘৰত হোলীৰ পাৰ্টি উদযাপন কৰাৰ ফটো নিজেই শ্বেয়াৰ কৰিছিল অভিনেতাজনে৷ হোলীৰ পাৰ্টি কৰি থকাৰ মাজতেই আবেলিৰ ভাগত শৰীৰত দূৰ্বলতা অনুভৱ কৰাত তেওঁক পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰাবলৈ লৈ যোৱাৰ পথতেই মৃত্যু হয় অভিনেতাজনৰ৷
অভিনেতাজনে হঠাতেই মৃত্যুক সাবটি লোৱাৰ পাছতেই আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোক লৈ আৰম্ভ কৰিছে বিশেষ তদন্ত৷ দিল্লীৰ দক্ষিণ-পশ্চিম এলেকাত থকা পাৰ্টি কৰা ফ্লেটত অভিযান চলাই দিল্লী আৰক্ষীয়ে৷ সতীশ কৌশিকৰ মৃত্যুত ৰহস্যৰো গোন্ধ পাইছে দিল্লী আৰক্ষীয়ে৷ বিশেষ ফ্লেটটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ৷ সতীশ কৌশিকৰ মৃত্যুৰ সৈতে ঔষধ কেইবিধৰ কিবা সম্পৰ্ক আছে নেকি? আৰক্ষীয়ে বৰ্তমান সতীশ কৌশিকৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ বাবেহে অপেক্ষা কৰি আছে৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট অহাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া৷ বৰ্তমানলৈ কোনোধৰণৰ ৰিপোৰ্ট প্ৰকাশ কৰা নাই আৰক্ষীয়ে৷ চিকিৎসকে জনোৱা অনুসৰি ১৫ দিনৰ ভিতৰত চিকিৎসকে সমগ্ৰ ৰিপোৰ্ট প্ৰকাশ কৰিব৷ অভিনেতাজনৰ মৃত্যু স্বাভাৱিকনে সেই কথা অচিৰেই প্ৰকাশ কৰিব তদন্তকাৰী দলটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ