অসম লাইভ ২৪ঃ এইবাৰ দেশৰ ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতি শাসন বিচাৰিলে আম আদমী পার্টীৰ বিধায়কে। ৰাজধানী চহৰখনক সম্প্ৰতি ক’ৰোনাক লৈ ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। অক্সিজেনক লৈ শাসকীয় দল আম আদমী পার্টীয়ে বিভিন্ন সময়ত ক্ষোভ ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে। তেনে সময়তে বিধায়ক ছৈয়ব ইকবালে দিল্লীত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰিছে। দিল্লীৰ মটিয়া মহল সমষ্টিৰ বিধায়ক ইকবালে এই বিষয় লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। বিধায়গৰাকীৰ অভিযোগ দিল্লীৰ ক’ৰোনা আক্ৰান্ত ৰোগীয়ে কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে পোৱা নাই পর্যাপ্ত চিকিৎসা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ