• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

2 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

7 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

7 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

8 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

8 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

8 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

9 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

10 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

10 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

10 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

11 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

12 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

editor by editor
January 28, 2024
in বিশ্ব, ৰাজনীতি, লেখা, শিক্ষা
0
ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ ডাঙৰ বিপদৰ সন্মুখীন হৈছে উত্তৰ কোৰিয়া৷ চৰম খাদ্যসংকটৰ মুখত পৰিছে কিমৰ দেশ৷ কিম জং উনৰ দেশত খাদ্য সংকটৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বিশ্বত৷ এই চিন্তাই এতিয়া টোপনি হৰিছে একনায়ক কিমৰো৷ সাধাৰণ মানুহক খাদ্য যোগান ধৰিব নোৱাৰাটোৱেই প্ৰধান ৰাজনৈতিক সমস্যা হৈ ধৰা দিছে কিমৰ দেশত৷ দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নীতকৰণৰ বাবে কিমৰ চৰকাৰে নতুন নতুন উপায় বিচাৰিবলৈকো চেষ্টা কৰা বুলি বিদেশী মিডিয়াত খুবেই চৰ্চা হৈছে৷

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰায়ত্ত সংবাদ সংস্থা ‘কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সিৰ প্ৰতিবেদন অনুসৰি সেই দেশৰ ক্ষমতাহীন দল, ‘ৱাৰ্কাৰ্ছ পাৰ্টী অৱ কোৰিয়া’ৰ দলীয় বৈঠকত কিমে এই মন্তব্য কৰিছে৷ মঙলবাৰ আৰু বুধবাৰ দুদিনীয়াকৈ আয়োজন কৰা পলিটব্যুৰোৰ অষ্টম কেন্দ্ৰীয় কমিটিৰ ১৯তম বৰ্ধিত সভাৰ আয়োজন কৰা হৈছিল৷ তাতেই খাদ্যৰ অভাৱ সম্পৰ্কীয় বিষয়টোক লৈ মন্তব্য কৰিছিল কিমে৷

বিগত কেইবা দশক ধৰি খাদ্যৰ সমস্যাত ভূগিছে উত্তৰ কোৰিয়া৷ নব্বৈৰ দশকত মাৰাত্মক দুৰ্ভিক্ষৰ মুখামুখি হোৱাৰ পাছৰে পৰাই এই সমস্যাৰ আৰম্ভ হৈছে৷ ইয়াৰ পাছৰে পৰাই একাধিকবাৰ প্ৰাকৃতিক বিপৰ্যয়ৰ কাৰণে সেই দেশৰ খাদ্য সমস্যা আকৌ বৃদ্ধি পাইছে৷ বিভিন্ন প্ৰতিবেদন অনুসৰি বিগত কেইবাবছৰ ধৰি চীনৰ সৈতে ব্যৱসায়-বাণিজ্যক লৈ একাধিক চুক্তি হোৱাৰ কাৰণে উত্তৰ কোৰিয়াৰ অৰ্থনৈতিক অৱস্থাৰ কিছু উন্নতি হৈছে৷ তথাপিও এতিয়াও কিন্তু খাদ্য সংকট উত্তৰ কোৰিয়াত দূৰ হোৱা নাই৷ এই মন্তব্য কৰিছে কিমৰ প্ৰতিবেশী ৰাষ্ট্ৰ উত্তৰ কোৰিয়াৰ এজন মন্ত্ৰীয়ে৷ এই কথা মিছা নহয় বুলি নিজেই প্ৰমাণ দিবলৈ বাধ্য হৈছে কিমেও৷

সম্প্ৰতি কিমে তেওঁৰ দলক দেশৰ মানুহৰ জীৱযাত্ৰাৰ মান উন্নীতকৰণৰ কামত লগাইছে৷ আঞ্চলিক উন্নয়ণৰ মাধ্যমেৰে চহৰ আৰু গ্ৰামাঞ্চলৰ মাজত সামাজিক আৰু অৰ্থনৈতিক দূৰত্ব কমাই আনিবলৈকো জনাইছে কিমে৷ চলিত মাহৰ আৰম্ভণিত অনুষ্ঠিত চুপ্ৰিম পিপলছ এছেম্বলিৰ বৈঠকত কিমে এই ঘোষণা কৰিছে৷ উত্তৰ কোৰিয়াৰ একনায়কক উদ্ধৃত কৰি দিয়া এক প্ৰতিবেদনত কোৱা হৈছে, ‘সামগ্ৰিকভাৱে আঞ্চলিক অৰ্থনৈতিক অৱস্থাৰ পৰিস্থিতি ভয়াৱহ৷ ভৌগোলিক পৰিস্থিতি, অৰ্থনৈতিক সম্ভাৱনা আৰু জীৱনযাত্ৰাৰ ভিত্তিত দেশৰ বিভিন্ন অঞ্চলসমূহৰ মাজত গুৰুতৰ ভাৰসাম্যহীনাত আৰু বিশাল ব্যৱধান আছে৷’ কিমে লগতে কয়, ‘আমি বহি থকা উচিত নহয়৷ পৰিস্থিতি অনুকূল হোৱালৈ ৰৈ থাকিলে নহ’ব৷ আমি কাম কৰিব লাগিব৷ জনগণৰ স্বাৰ্থ আমাৰ দায়িত্বৰ প্ৰতি অবিচল হৈ থাকিব৷ নতুন নতুন উপায় আৰু চাকৰিৰ ব্যৱস্থা আমি কৰিব লাগিব৷’ বৰ্তমানলৈকে নিষিদ্ধ অস্ত্ৰ কৰ্মসূচিৰ বাবে কঠোৰ আন্তৰ্জাতিক নিষেধাজ্ঞাৰ মাজত আছে উত্তৰ কোৰিয়া৷ পাৰমাণৱিক অস্ত্ৰ তৈয়াৰত মজি থকাৰ ওপৰিও উত্তৰ কোৰিয়াক বহুদিন পূৰ্বেই এঘৰীয়াও কৰা হৈছে৷ কিমৰ নেতৃত্বাধীন উত্তৰ কোৰিয়াক পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ পৰা বিৰত ৰাখিবৰ বাবে জাৰি কৰা হৈছে বহুতো নিষেধাজ্ঞা৷

বহুসংখ্যক প্ৰতিবেদনে দাবী কৰা অনুযায়ী, কভিড মহামাৰীৰ সময়েও অৰ্থনৈতিক চাপৰ মুখত পেলাইছিল কিমৰ দেশক৷ সীমান্ত এলেকাত বাণিজ্যও প্ৰায় বন্ধ হৈ পৰিছিল৷ সেই পৰিস্থিতি এতিয়াও সলনি হোৱা নাই বুলিয়েই দাবী কৰিছে উত্তৰ কোৰিয়াৰ বহু লোকে৷ ইয়াৰোপৰি অধিকাংশ ডাঙৰ ডাঙৰ দেশেই উত্তৰ কোৰিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছিন্ন কৰিছে৷ আৰ্থিকভাৱে শোচনীয় অৱস্থা সেই দেশৰ৷ দেশৰ মানুহে খাদ্যও খাবলৈ নোপোৱা অৱস্থা৷ চকু মেলিলেই চৌদিশে দৰিদ্ৰ জনসাধাৰণ৷ সেই দৃশ্য দেখিয়েই কঠোৰ কিমৰো বুকু জনদৰদী হৈ উঠিছে৷ এইবাৰ কিমে নিজেই ঘোষণা কৰিছে, যিকোনো উপায়েৰে দেশৰ জনগণৰ মাজত সৃষ্টি হোৱা খাদ্যজনিত সমস্যা দূৰ কৰিব৷ ইয়াৰ পূৰ্বেও কিমৰ এক জনদৰদী ৰূপ ধৰা পৰিছিল৷ কান্দি উঠিছিল কিমে৷ কোৰিয়ান চেণ্ট্ৰেল টেলিভিছনত প্ৰকাশিত খবৰমতে দেশৰ মাতৃসকলৰ সৈতে হোৱা বৈঠকত কান্দিছিল কিমে৷ কিমৰ ৰূপ দেখিয়েই কঁপি থাকে উত্তৰ কোৰিয়াৰ প্ৰতিজন মানুহ৷ কাৰণ এবাৰ কিমৰ অপ্ৰিয়ভাজন হৈ পৰিলেই বিপদ অহাটো নিশ্চিত৷ তেনে সময়ত এইবাৰ কিমৰ অন্যৰূপক লৈ বিদেশী প্ৰতিটো চেনেলেই এই খবৰ প্ৰকাশ কৰি কিমৰ এই সলনিৰ প্ৰকৃত কাৰণ উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই
জীৱনশৈলী

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

April 7, 2026
Next Post
‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.