• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

4 weeks ago
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

3 hours ago
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

4 hours ago
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

6 hours ago
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

6 hours ago
চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

7 hours ago
এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

8 hours ago
’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

9 hours ago
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

1 day ago
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

1 day ago
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

1 day ago
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

1 day ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, December 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

editor by editor
November 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিন তেওঁ বলীউডৰ সকলোতকৈ সুদৰ্শন নায়ক আছিল৷ সেই ধৰ্মেন্দ্ৰৰ ব্যক্তিগত জীৱন বাৰে বাৰে শিৰোনামত আহিছিল ডেকাকালত৷ বিশেষকৈ ড্ৰিম গাৰ্ল হেমা মালিনীৰ সৈতে তেওঁৰ বিবাহবৰ্হিৰ্ভূত সম্পৰ্ক আৰু পৰবৰ্তীকালত বিবাহক লৈ খুবেই চৰ্চাত আহিছিল ধৰ্মেন্দ্ৰ৷ হেমামালিনীক বিয়া কৰাবলৈ ধৰ্মেন্দ্ৰই ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছিল৷ সম্প্ৰতি কিছুমাহ পূৰ্বে পুৰীৰ মন্দিৰত হেমা মালিনীৰ প্ৰৱেশক লৈ সেয়ে বিতৰ্কৰো সৃষ্টি হৈছিল৷ কিন্তু সঁচায়ে ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্ৰ আৰু হেমাই? ধৰ্মেন্দ্ৰই নিজেই সেই বিষয়ক লৈ এক মত প্ৰকাশ কৰি থৈছে৷

১৯৮০ চনত ধৰ্মেন্দ্ৰই হেমামালিনীক বিয়া কৰাইছে৷ হেমাক বিয়া কৰোৱাৰ পূৰ্বৰে পৰাই বিবাহিত আছিল ধৰ্মেন্দ্ৰ৷ পত্নী প্ৰকাশ কৌৰৰ সৈতে চাৰি সন্তানো আছে ধৰ্মেন্দ্ৰৰ৷ তেওঁলোক ক্ৰমে ছানি দেওল, ববি দেওল, অজিতা দেওল আৰু বিজয়া দেওল৷ প্ৰথমা পত্নী থাকোতে তেওঁৰ সৈতে বিচ্ছেদ নোহোৱালৈকে দ্বিতীয় বিবাহ কেনেকৈ কৰিলে ধৰ্মেন্দ্ৰই সেই বিষয়েও উত্থাপিত হৈছিল প্ৰশ্ন৷ আৰু সেই সময়তে তেওঁলোকে নিকাহ কৰায়৷ শুনা গৈছে যে প্রথমা পত্নীক ৰাখি দ্বিতীয় বিবাহ কৰিবলৈ ইছলাম গ্ৰহণ কৰিছিল ধৰ্মেন্দ্রই৷ প্রথমে তেওঁলোকৰ নিকাহ হয়৷ দিলাৱাৰ নাম গ্ৰহণ কৰে ধৰ্মেন্দ্ৰই, হেমা হয় আয়েশা বাঈ৷ পাছত আয়েঙ্গাৰ আচাৰনুষ্ঠান মানিও বিয়া হয়৷

হেমাৰ জীৱনী ‘Hema Malini: Beyond the Dream Girl’ গ্ৰন্থত ৰাম কমল মুখাৰ্জীয়ে জনাইছে যে ধৰ্মেন্দ্ৰ আৰু হেমাৰ বিবাহৰ আইনী বৈধতাক লৈ সন্দেহে দেখা দিছিল৷ কাৰণ হিন্দু বিবাহ আইন অনুসৰি প্ৰথম বিবাহৰ ইতি নোহোৱাকৈ দ্বিতীয় বিবাহ কৰিব নোৱাৰি৷ ২০০৪ চনত বিজেপিৰ প্ৰাৰ্থী হয় ধৰ্মেন্দ্ৰ৷ সেই সময়ত হলফনামাত পত্নী হিচাপে কেৱল প্ৰকাশৰ নামেই উল্লেখ কৰিছিল তেওঁ৷ তাৰ সৈতে নিজৰ সম্পত্তিৰ হিচাপ দিছিল অভিনেতাই৷ বিষয়টোক লৈ বিতৰ্ক হ’বলৈ পিছে সময়ো নালাগিল৷

ধৰ্মেন্দ্ৰই কিয় পত্নী হেমাৰ নাম হলফনামাত উল্লেখ নকৰিলে সেই বিষয়ক লৈ প্ৰশ্নৰ মুখত পৰিছিল হেমাও৷ তেওঁ কয়, ‘ই আমাৰ মাজৰ বিষয়৷ আমি নিজেই সেয়া মিলাই ল’ম৷ অন্য কোনোৱে এই বিষয়ত মূৰ ঘমাই লাভ নাই৷’ সেই সময়ত ৰাজ্যসভাৰ সদস্য আছিল হেমা৷ তেওঁৰ মনোনয়ন বাতিলৰ দাবীও উঠিছিল৷ হেমাই ভুল নাম লিখিছে৷ সঠিক ধৰ্মীয় পৰিচয় উল্লেখ কৰা নাই বুলিও অভিযোগ তোলা হয়৷ হেমাই তেতিয়া কয়, ‘এই সকলো অভিযোগ সঁচা নহয়৷ এই বিষয়ত আৰু একোৱেই ক’ব নোখোজো৷’

কিন্তু হেমাক বিয়া কৰোৱাৰ বাবে ইছলাম গ্ৰহণ কৰাটো সঁচা আছিলনে ধৰ্মেন্দ্ৰৰ? ২০০৪ চনত এক সাক্ষাৎকাৰত এই প্ৰশ্নৰ উত্তৰত ধৰ্মেন্দ্ৰই কৈছিল, ‘এইসমূহ মিছা অভিযোগ৷ নিজৰ স্বাৰ্থত ধৰ্ম পৰিবৰ্তন কৰাৰ দৰে পুৰুষ মই নহয়৷’ হিন্দি চলচ্চিত্ৰ জগতৰ অন্যতম চৰ্চিত নাম ধৰ্মেন্দ্ৰ৷ তেওঁৰ ব্যক্তিগত জীৱনক লৈ বাৰে বাৰে বিতৰ্কও হৈ আছিল৷ মীনা কুমাৰীৰ সৈতেও তেওঁৰ ৰসায়নক লৈ চৰ্চা হৈছিল মায়ানগৰীত৷ ১৯৫৪ চনত প্ৰকাশকেই প্রথম বিয়া কৰে অভিনেতাই৷ সাতৰ দশকত হেমাৰ সৈতে পৰিচয় আৰু ঘনিষ্ঠতা৷ বিশেষকৈ শোলেৰ শ্বুটিঙৰ সময়ত দুজনৰ মাজত সম্পৰ্ক গভীৰ হয়৷ হাজাৰ বিতৰ্ক সত্ত্বেও ১৯৮০ চনত হেমাক স্ত্ৰী হিচাপে স্বীকৃতি দিয়ে ধৰ্মেন্দ্রই৷ তেওঁৰ দুই কন্যা আছে এগৰাকী এষা আৰু আনগৰাকী আহনা৷ কেইবাবছৰ পূৰ্বে ধৰ্মেন্দ্ৰ আৰু হেমাৰ বিবাহৰ এখন ছবি পোষ্ট কৰে তেওঁলোকৰ কন্যা এষাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি
জীৱনশৈলী

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

December 8, 2025
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব
জীৱনশৈলী

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

December 8, 2025
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?
জীৱনশৈলী

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

December 8, 2025
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?
জীৱনশৈলী

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

December 8, 2025
Next Post
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.