কাপুৰ পৰিয়ালৰ সৰু কন্যা কৰিনা কাপুৰ খান সকলোৱে মাতে বেবো৷ কৰিনাই বিয়া কৰাইছে পতৌদি পৰিয়ালৰ সৰু নবাব ছেইফ আলি খানক৷ ছেঈফৰ পিতৃ কিংবদন্তি ভাৰতীয় ক্ৰিকেট অধিনায়ক মনছুৰ আলি খান পতৌদি, ওৰফে টাইগাৰ পতৌদিক বিয়া কৰাই ঠাকুৰ পৰিয়ালৰ কন্যা অভিনেত্ৰী শৰ্মিলা ঠাকুৰে৷ বিবাহৰ পাছতেই ধৰ্ম পৰিবৰ্তন কৰিছিল শৰ্মিলাই৷ গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম৷ তেওঁৰ নামো সলনি কৰা হৈছিল৷ নতুন নাম লৈছিল আয়েশা বেগম৷ যদিও সেই নাম পতৌদি পেলেছতেই চলে অন্য স্থানত তেওঁ আজিও শৰ্মিলা ঠাকুৰেই৷
কিন্তু সেই পৰিয়ালত বিয়া কৰাই কৰিণাই ধৰ্ম সলনি কৰা নাই৷ নামৰ শেষত খান উপাধিও তেওঁ ব্যৱহাৰ কৰা নাই৷ ইফালে কৰিনাই হিন্দু ধৰ্মতো বিশ্বাসী নহয়৷ তেন্তে কৰিনাই কি ধৰ্মত বিশ্বাসী? সেই প্ৰশ্ন বহুতেই বহু সময়ত উত্থাপন কৰে৷ কিছুদিন পূৰ্বে কৰিনাৰ ডাঙৰ লৰা টাইমুৰৰ পিডিয়াট্ৰিক নাৰ্ছ ললিতা ডিছিলভাই এক পডকাষ্টৰ অংশ হৈছিল৷ পতৌদি পৰিয়াল সম্পৰ্কে তেওঁৰ অভিজ্ঞতা ভাল কৰিবলৈ গৈ বহু অজানা তথ্যই পোহৰলৈ আহিছিল৷ জনাইছিল, কৰিনা হিন্দু নহয়, মুছলমানো নহয়৷ তেওঁৰ মাতৃ ববিতা কাপুৰৰ ধৰ্মক অনুসৰণ কৰে কৰিনাই৷ কৰিনাৰ মাতৃ ববিতা কাপুৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী৷ সেয়ে কৰিনাৰ আৰাধ্য দেৱতা যীশুখ্ৰিষ্টই৷
বহুতেই হয়তো জানে যে কাপুৰ পৰিয়ালত বৰদিন ধুমধামকৈ পালন কৰা হয়৷ প্ৰত্যেক বছৰে ২৫ ডিচেম্বৰত তেওঁলোকৰ ঘৰত ক্ৰিছমাছ লাঞ্চৰ আয়োজন কৰা হয়৷ সকলো সদস্যই অংশগ্ৰহণ কৰে সেই লাঞ্চত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ