গাৰ বৰণ হঠাতেই খুব বগা হৈছে। খাদ্য দেখিলেই খাবলৈ মন নাযায়? কোনো কাম নকৰাকৈয়ে ভাগৰুৱা অনুভৱ কৰে? এইসমূহ লক্ষণে দেখা দিলে অৱহেলা নকৰিব। চিকিৎসকৰ পৰামৰ্শ লৈ লগে লগেই তেজ পৰীক্ষা কৰোৱাটো নিতান্তই প্ৰয়োজন। সাধাৰণতে তেজত হিমগ্লবিনৰ মাত্ৰা কমি গ’লেই এনেধৰণৰ লক্ষণে দেখা দিয়ে। আয়ৰণৰ অভাৱতো এই লক্ষণে দেখা দিব পাৰে। হিমগ্লবিনৰ মাত্ৰা কমিলেই ভাগৰুৱা অনুভৱ কৰাৰ লগতে হৃদস্পন্দনো অনিয়মীয়া হৈ পৰে। অন্তঃসত্ত্বা অৱস্থাত বহু মহিলাই তেজৰ এই সমস্যাত ভোগে। পুষ্টিৰ অভাৱতো এই সমস্যাই দেখা দিয়ে। পুষ্টিবিদৰ মতে খাদ্যভাষত সামান্য সালসলনি ঘটালেই এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
তেজত হিমগ্লবিনৰ মাত্ৰা বঢ়াবলৈ কি খাব?
১) তেজত আইৰণৰ ঘাটি পুৰণ কৰিবলৈ দৈনিক খাদ্যতালিকাত পালেং শাক, ব্ৰকলি, বীট, পনীৰ, কণী, আপেল, তৰমূজ, বেদনা, আলমণ্ড, কিছমিছ আদি খাব পাৰে।
২) ভিটামিন চিয়ে শৰীৰত আয়ৰণৰ মাত্ৰা ঠিকে ৰখাত সহায় কৰে। শৰীৰত আয়ৰণৰ ঘাটি পুৰাবলৈ ভিটামিন চি খাদ্যৰ তালিকাত ৰাখিব লাগে। কমলা, ষ্ট্ৰবেৰী, কেপচিকাম, ব্ৰকলি, আঙুৰ আদি দৈনিক খাব পাৰে।
৩) ফোলিক এছিড আৰু ভিটামিন বি কমপ্লেক্সে তেজত লোহিত কণিকা তৈয়াৰ কৰে। শাক পাচলিত প্ৰচুৰ পৰিমানে ফোলিক এছিড থাকে। সেয়ে খাদ্য তালিকাত বেছিকৈ শাকপাচলি ৰাখিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















