ATM ৰ ওপৰত বিশেষ সিদ্ধান্ত বেংকবোৰৰ, ডিজিটেল যুগৰ বাবে এই সিদ্ধান্ত
ডিজিটেল যুগৰ কবলত লোকচান বেংকৰ, যাৰ বাবে হ্ৰাস কৰ
বৰ্তমানৰ ডিজিটেল যুগত ক্ৰমান্বয়ে পিছ পৰি ৰৈছে এটিএম। আজিকালি ৮০ শতাংশ লোকে লেনদেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে কেৱল কেছলেছ পেমেণ্ট। যাৰ বাবে পূৰ্বৰ দৰে এটিএমৰ পৰা টকা উলিওৱাৰ কাম বহু হ্ৰাস পাইছে।
লাহে লাহে হয়তো সম্পূৰ্ণ ৰূপেই কাম নোহোৱা গৈ পৰিব পাৰে এটিএমৰ। বৰ্তমানে কেৱল টকা থোৱাৰ বাবেহে ব্যৱহাৰ হোৱাৰ দৰে এটিএম।
য’ত আগতে নগদ ধন উলিওৱাৰ বাবে শাৰী পাতিব লগা হৈছিল, তাত এতিয়া ভিৰ দেখা পোৱা নাযায়। গতিকে দেশৰ বিভিন্ন বেংকে এতিয়া এটিএমৰ কথা চিন্তা কৰিছে। জানিব পৰা মতে দেশৰ বিভিন্ন বেংকৰ এ টি এম ক্ৰমান্বয়ে বন্ধ হৈ যাব।
লগতে বহুতো এটিএম আছে যিবোৰ বহুদিনৰ পৰা ব্যৱহাৰ কৰা হোৱা নাই। যাৰ বাবে তেনে পৰিস্থিতিৰ সুযোগ লৈছে অপৰাধীয়ে। সন্ধিয়াৰ পিছত তেনে এটিএমলৈ আহি বিভিন্ন ধৰণৰ কু-কৰ্ম কৰে অপৰাধীয়ে। তদুপৰি এটিএম কাৰ্যক্ষম নহ’লেও সেই কোঠাৰ ভাড়া বেংকে বহন কৰিব লগা হয়।
ইয়াৰ উপৰিও বহু এটিএমত নিৰাপত্তাৰক্ষী থাকে। অতিৰিক্ত বেংক চাৰ্জ আছে। এই সকলোবোৰ দিশ বিবেচনা কৰি বেংকসমূহে এতিয়া নিজৰ এটিএমৰ সংখ্যা হ্ৰাস কৰিবলৈ বিচাৰিছে।
ভৱিষ্যতে আজিৰ দৰে পথৰ চুকত আৰু নাথাকিব এটিএম। বেংকসমূহে জনবসতিপূৰ্ণ অঞ্চলৰ লগতে শাখা থকা ঠাইতো এটিএম স্থাপনৰ কথা চিন্তা কৰিছে। দেশৰ অন্যান্য এটিএম বন্ধ কৰিলে বেংকৰ বাবে বহু ধন ৰাহি হ’ব।
কৰ’ণাৰ সময়ৰ পৰাই মানুহৰ মাজত ডিজিটেল পেমেণ্টৰ উত্থান দেখিবলৈ পোৱা গৈছে। সেই ধাৰা এতিয়া আৰু অধিক হৈছে। সেয়েহে বেংক কৰ্তৃপক্ষই এ টি এম সন্দৰ্ভত এই সিদ্ধান্ত শীঘ্ৰে কাৰ্যকৰী কৰিব বিচাৰিছে। এই সন্দৰ্ভত বেংকৰ এগৰাকী বিষয়াই কয় যে দেশৰ বিভিন্ন প্ৰান্তত বহুতো এটিএম আছে। কিন্তু আগতে মানুহে তাৰ পৰা যি হাৰত ধন উলিয়াইছিল, সেই হাৰ এতিয়া বহুত কমিছে। ফলত বেংক কৰ্তৃপক্ষই অতিৰিক্ত খৰচ হ্ৰাস কৰাত মনোনিৱেশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ