ডিফুত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷
২৩ বছৰীয়া যুৱতীক গুলীয়াই হত্যা ৷
সোমবাৰে নিশা ১ বজাত ডিফু থানাৰ অধীনৰ ডিফু -লামডিং পথৰ আৰ্তংলাংচত সংঘটিত হৈছে এই ঘটনা৷
যুৱতীক বাসগৃহত প্ৰৱেশ কৰি অজ্ঞাত আততায়ীয়ে মূৰত গুলীয়াই হত্যা কৰে ৷
নিহত শুকুৰী তিচ’পী নামৰ যুৱতী গৰাকীৰ পিতৃয়ে বিগত ডেৰমাহ পূৰ্বে এই ঘৰলৈ আহিছিল৷
শুকৰীসহ তিনিগৰাকী জীয়ৰীয়ে বিশেষ ঘৰটোত থাকি পঢ়া-শুনাও কৰি আছিল ৷
ডেৰমাহ পূৰ্বে তেওঁলোকে ডকমকাৰ পৰা আহুি এই নতুন ঘৰটোত থাকিবলৈ লৈছিল ৷
এই ঘটনাত দুজন যুৱক জড়িত বুলি প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে৷
কিছুদিন পূৰ্বে দুজন যুৱকে ঘৰটোলৈ আহি পথৰ সম্ভেদ লৈছিল ৷
আনহাতে সোমবাৰে দুপৰীয়া যুৱক দুজন পুনৰ আহি পানী খাই গৈছিল বুলি পিতৃয়ে জানিবলৈ দিছে৷
ইয়াৰে এজন যুৱক সৰু ল’ৰা বুলি প্ৰকাশ কৰিছে পিতৃয়ে ৷
ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) জয়ন্ত কুমাৰ বৰুৱাই ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে বুলি জনায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ