কালি পূজাৰ দিনা আপোনাৰ আলমাৰীত ৰাখত এই ৫ বিধ সামগ্ৰী, লাভ কৰিব লক্ষ্মীৰ বিশেষ আশিৰ্বাদ
আজি বুধবাৰে উদযাপন কৰা হৈছে ভূত চতুৰ্দশী। কাইলৈনিশা অধ্যাশক্তি মহামায়া মা কালীৰ পূজা কৰা হ’ব। এই দিনটোত লক্ষ্মী পূজাও কৰা হয়। এই বিশেষ নিশা মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ আলমাৰীত কি কি বস্তু ৰখাটো গুৰুত্বপূৰ্ণ জানি লওক।
জ্যোতিষীসকলে দীপাৱলীৰ নিশা কৰিবলৈ কেইবাটাও বিশেষ কামৰ পৰামৰ্শ দিয়ে। বিশ্বাস কৰা হয় যে স্বয়ং দেৱী লক্ষ্মীয়ে এই নিশা এই কাৰ্য্য সম্পাদন কৰি আনন্দিত হয়। ফলত জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ হয়। দীপাৱলীৰ নিশা আলমাৰীৰ লকাৰত কেইটামান বিশেষ বস্তু ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।
টকাৰ বাণ্ডিল
আপোনাৰ আলমাৰীৰ লকাৰ কেতিয়াও খালী হ’ব নালাগে। দীপাৱলী পূজাৰ সময়ত বহু লোকে প্ৰতিমাৰ সন্মুখত টকাৰ বাণ্ডিল আগবঢ়ায়। অৱশ্যে জ্যোতিষীসকলে কয় যে দীপাৱলীৰ নিশা আলমাৰীৰ লকাৰত ১০ টকীয়া নোটৰ বাণ্ডিল এটা ৰখাটো অতি শুভ। দীপাৱলীৰ নিশা লকাৰত তাম, পিতল বা ৰূপৰ মুদ্ৰাও ৰাখিব পাৰে। এই টকাই অধিক ধন আকৰ্ষণ কৰিব আৰু আপোনাৰ সৌভাগ্য মুকলি হ’ব।
গোমতি চক্ৰ
দীপাৱলীৰ নিশা হালধীয়া কাপোৰ এখনত গোমতি চক্ৰ, হালধী এটুকুৰা আৰু মুদ্ৰা এটা বান্ধি আৰাধ্যৰ ভৰি চুই আলমাৰীৰ লকাৰত ৰাখিব। এই কৌশল ধন-সম্পত্তি বৃদ্ধিতো অতি উপযোগী।
আহতৰ পাত
দীপাৱলীৰ নিশা এটা আহতৰ পাত লওক। তাৰ ওপৰত সেন্দুৰেৰে ঔম লিখক। তাৰ পিছত লকাৰত থৈ দিব। ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব আৰু আপুনি বহুত টকা উপাৰ্জন কৰিব।
তামোল
দীপাৱলীৰ নিশা ৰঙা সূতাৰে এটা শুকান তামোল বান্ধিব। চাউল, ফুল আৰু সেন্দুৰৰ সৈতে পূজা কৰক। পূজাৰ পিছত এই তামোলটো আলমাৰীৰ লকাৰত ৰাখক। মা লক্ষ্মী সুখী হব, পইচা আহিব।
কড়ি
প্ৰাচীন কালত কড়িক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। কড়িক মাতৃ লক্ষ্মীৰ প্ৰতিনিধি হিচাপে গণ্য কৰা হয়। দীপাৱলীৰ নিশা কড়ীত হালধী সানি মা লক্ষ্মীক পূজা কৰক। ইয়াৰ পিছত এই কড়িবোৰ লকাৰত ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ