হিন্দুধৰ্মত যিকোনো শুভ কাম ক ৰাৰ সময়ত বিশেষ দিন, সময় আদি চাই লোৱা হয়। কোন সময়ত কি কাম কৰিলে শুভ ফল লাভ কৰিব সেই কথাও শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ সৈতে কোনটো কাম কেতিয়া কৰিলে ইয়াৰ অশুভ প্ৰভাৱ পৰে সেই কথাও শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰই কৈছে কোনো ভাল কাম ভুল সময়ত কৰিলে তাৰ শুভ প্ৰভাৱ লাভ নকৰিব। হিন্দুধৰ্মত সন্ধিয়াবেলা কেইটামান কাম কৰিব নালাগে বুলি পৰামৰ্শ দিয়া হৈছে। এই কামসমূহ সন্ধিয়া কৰিলে জীৱন দুখ-দৰিদ্ৰতাৰে ভৰি পৰে বুলিও উল্লেখ আছে। জানি থওক সন্ধিয়া কি কি কাম নকৰিব?
সন্ধিয়া কি কি কাম নকৰিব?
এনে কিছু কাম আছে যি কাম সন্ধিয়া কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। ইয়াৰ ফলত দেৱী লক্ষ্মীয়ে আমাৰ সংসাৰ এৰি বিদায় লয়। লক্ষ্মীয়ে বিদায় ললেই জীৱনত অভাৱ আহে।
সন্ধিয়া কাকোৱেই গাখীৰ দান নকৰিব
সন্ধিয়াসময়ত কাকোৱেই গাখীৰ, দৈ আদি দান নকৰিব। এই সামগ্ৰীসমূহ শুক্ৰ গ্ৰহৰ সৈতে সম্পৰ্কযুক্ত। শুক্ৰ গ্ৰহৰ অধিপতি হৈছে মা লক্ষ্মী। সেয়ে সন্ধিয়া এইসমূহ সামগ্ৰী ঘৰৰ পৰা ওলাই গলে মা লক্ষ্মীও ঘৰৰ পৰা ওলাই যায়। ঘৰৰ পৰা মা লক্ষ্মী ওলাই গলেই ঘৰত অশান্তি আহে।
সন্ধিয়া কাকোৱেই হালধি দান নকৰিব
সন্ধিয়া কাকোৱেই ভুলতো হালধী দান নকৰিব। হালধী দান কৰিলে লক্ষ্মীও লগে লগে ঘৰৰ পৰা ওলাই যায়। বিশেষকৈ বৃহস্পতিবাৰে সন্ধিয়া ভুলতো হালধি কাকো দান নিদিব। আপুনি নিজেই নিজৰ ক্ষতি কৰা কাম এয়া। হালধী হৈছে বিষ্ণু আৰু বৃহস্পতিৰ সৈতে সম্পৰ্কযুক্ত। সন্ধিয়া হালধী দান কৰিলে আপোনাৰ জীৱনৰ পৰা সৌভাগ্য, সম্পদ, সমৃদ্ধিয়ে বিদায় লয়। ইয়াৰ ফলত আপোনাৰ সৌভাগ্য় দুৰ্ভাগ্যত পৰিণত হয়।
সন্ধিয়া ঘৰ ঝাড়ু নিদিব
সন্ধিয়া ঘৰ ঝাড়ু দিলে মা লক্ষ্মীয়ে ঘৰত প্ৰৱেশ নকৰে। সেয়ে এই সময়ত ভুলতো ঘৰ ঝাড়ু দিয়া উচিত নহয়। সূৰ্যাস্তৰ আগতেই ঘৰ ঝাড়ু দিব লাগে। সূৰ্য ডুবি যোৱাৰ পাছত ঘৰ ঝাড়ু দিলে সংসাৰলৈ দৰিদ্ৰতা আহে।
ঘৰৰ মূল দুৱাৰ আন্ধাৰ কৰি নাৰাখিব
সন্ধাবেলা ভুলতো ঘৰৰ মূল দুৱাৰ নিষ্প্ৰদীপ কৰি নাৰাখিব। সন্ধিয়া হোৱাৰ পূৰ্বেই ঘৰৰ মূল দুৱাৰৰ লাইট জ্বলাই ৰাখক। ঘৰৰ গেট অন্ধকাৰ হৈ থাকিলে ঘৰত লক্ষ্মী প্ৰৱেশ কৰিব নোৱাৰে। লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰৰ মূল দুৱাৰ সদায়ে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি লাইট জ্বলাই ৰাখিব।
সন্ধিয়া কাকো নিমখ নিদিব
সন্ধাবেলা কাকোৱেই নিমখ দান নকৰিব। সন্ধিয়া কাৰোবাক নিমখ ধাৰে দিলে জীৱনলৈ নানান সমস্যা আহে। জীৱনৰ উন্নতিৰ পথতো বাধা আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ