অসম লাইভ২৪ঃ মানিবেগ সকলো ব্যক্তিৰেই অত্যন্ত গুৰুত্বপূৰ্ণ সামগ্ৰী। মানিবেগত কি কি ৰখাটো শুভ তাৰ ওপৰত বাস্তু শাস্ত্ৰই বিশেষ কেইটামান টিপছ দিছে। বাস্তুশাস্ত্ৰমতে এনে বহু সামগ্ৰী আছে যিসমূহ মানিবেগত ৰখাটো একেবাৰেই উচিত নহয়। মানিবেগত কি কি সামগ্ৰী ৰাখিলে অৰ্থলাভ হ’ব?
১)মানিবেগত কোনো মৃত ব্যক্তিৰ ফটো ৰাখিব নালাগে। মৃত ব্যক্তিৰ ফটো মানিবেগত ৰাখিলে অৰ্থসংকট হয় বুলি বাস্তু শাস্ত্ৰত উল্লেখ আছে।
২)কোনো ধৰ্মীয় ফটোও মানিবেগত ৰাখিব নালাগে। বাস্তুশাস্ত্ৰমতে এনেদৰে ফটো থলে অৰ্থৰ অভাৱে দেখা দিয়ে।
৩)মানিবেগত কেতিয়াও কোনো চাবি থব নালাগে। মানিবেগত চাবি থলে নিগেটিভ এনাৰ্জি আহে। ইয়াৰোপৰি অৰ্থসংকটেও দেখা দিয়ে।
৪)মানিবেগত কেতিয়াও পুৰণা বিল ৰাখিব নালাগে। এনেকৈ পুৰণি বিল থলে অৰ্থসংকটে দেখা দিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ