হিন্দু ধৰ্ম অনুসৰি সপ্তাহৰ এটা এটা দিন এজন এজন দেৱতাৰ উদ্দেশ্যে নিবেদিত৷ সেই হিচাপত দেওবাৰ হৈছে সূৰ্য দেৱৰ দিন৷ দেওবাৰে সূৰ্য দেৱক তুষ্ট কৰিলে তেওঁৰ আশীৰ্বাদত আপোনাৰ দিন শুভ হৈ পৰে৷ সূৰ্যৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে সেয়ে দেওবাৰৰ দিনটোত সূৰ্যদেৱক অৰ্ঘ দিয়াৰ ৰীতি প্ৰচলিত আছে৷ সূৰ্যোদয়ৰ সময়ত সূৰ্য দৰ্শন কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ ইয়াৰোপৰি জ্যোতিষশাস্ত্ৰত আৰু এটি বিষয় উল্লেখ আছে৷ ইয়াৰ মাজতেই দৈশে দেওবাৰৰ সঠিক ৰঙৰ পোছাক বাচনি৷ জানি থওক দেওবাৰে কি কি ৰঙৰ পোছাক পিন্ধিব নালাগে৷
দেওবাৰে ক’লা পোছাক নিপিন্ধিব
জ্যোতিষবিদে জনোৱা অনুসৰি দেওবাৰ ক’লা ৰঙৰ পোছাক পিন্ধাটো অত্যন্ত অশুভ৷ দেওবাৰে ক’লা ৰঙৰ পোছাক পিন্ধিলে তাৰ ক্ষতিকৰ প্ৰভাৱ আমাৰ জীৱনত পৰিব পাৰে৷ দেওবাৰে ক’লা ৰঙৰ পোছাক এৰাই চলাৰ প্রধান কাৰণ হৈছে শনিৰ ৰং কলা৷ শনি আৰু সূৰ্য সম্পৰ্কত পিতা পুত্ৰ হ’লেও দুয়োৰে সম্পৰ্ক ভাল নহয়৷ শনি আৰু সূৰ্য হৈছে পৰস্পৰৰ শসত্ৰু গ্ৰহ৷ সেয়ে দেওবাৰে সূৰ্যৰ দিনত শনিৰ প্ৰিয় ৰং কলা পোছাক পৰিধান নকৰাটোৱেই শুভ৷
ক’লা ৰঙৰ অশুভ প্ৰভাৱ
জ্যোতিষ অনুসৰি ক’লা গ্ৰহ অৰ্থাৎ শনি হৈছে গৰম আৰু ৰুক্ষ গ্ৰহ৷ সূৰ্যদেৱ হৈছে পোহৰ আৰু উত্তাপৰ পৃথিৱীক শক্তি প্ৰদান কৰা নক্ষত্ৰ৷ সেয়ে সূৰ্যৰ দিনটোত অন্ধকাৰ হৈ ফুৰিলে কোষ্ঠীত অশুভ প্ৰভাৱ পৰে৷
জন্মছকত গ্ৰহৰ দুৰ্বল অৱস্থান
সূৰ্যৰ ৰং হৈছে ৰঙা অথৱা সোনালী৷ এই ৰং নতুন শক্তিৰ প্ৰতীকো৷ সেয়ে দেওবাৰে ক’লা ৰং পিন্ধিলে সূৰ্যদেৱ কূপিত হ’ব পাৰে৷ ইয়াৰ ফলত আপোনাৰ জন্মছকত সূৰ্যৰ অৱস্থান দূৰ্বল হৈ পৰে৷ ইয়াৰ প্ৰভাৱত জাতকৰ মাজত আত্মবিশ্বাসৰ অভাৱে দেখা দিয়ে৷ জীৱনত টেনশ্ব্যন বাঢ়ে৷ দেওবাৰে ক’লা পোছাক এৰাই চলক৷
ৰাহুৰ অশুভ দশা
ক’লা ৰং হৈছে নিগেটিভিটিৰ প্ৰতীক৷ ছায়া গ্ৰহ ৰাহুও ক’লা ৰঙৰ সৈতে সম্পৰ্কযুক্ত৷ ৰাহু আৰু সূৰ্য পৰস্পৰৰ শত্ৰু গ্ৰহ৷ এই পৰিস্থিতিত দেওবাৰে ক’লা ৰং পৰিধান কৰিলে আপোনাৰ জীৱনত নানান সমস্যাই দেখা দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ