ফাল্গুনী পূৰ্ণিমা তিথিত পালিত হয় দৌল। এই বছৰ আগন্তুক ১৪ মাৰ্চত পালিত হব দৌল উৎসব। আৰু সেই দিনাই চলিত বছৰত প্ৰথমবাৰ গ্ৰহণৰ কবলত পৰিব চন্দ্ৰ। যদিও ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযায় তথাপিও গ্ৰহণক অত্যন্ত অশুভ ঘটনা হিচাপে ধৰা হয়। বিশেষকৈ দৌলৰ দৰে উৎসৱৰ দিনা গ্ৰহণ পৰিলে তাৰ বিশেষ প্ৰভাৱ থাকেই। সেই কাৰণেই গ্ৰহণৰ সময়ত এনে কিছু কাম কৰাৰ কথা কোৱা হয়, যাৰ ফলত গ্ৰহণৰ অশুভ প্ৰভাৱ এৰোৱা সম্ভৱ। জানি থওক আগন্তুক ১৪ মাৰ্চত দৌল পূৰ্ণিমাত গ্ৰহণৰ দিনা কি কি কাম কৰা জৰুৰী?
শিৱপূজা
দৌলৰ দিনা গ্ৰহণ চলি থকাৰ সময়ত মহাদেৱৰ আৰাধনা কৰক। ইয়াৰ ফলত গ্ৰহণৰ অশুভ প্ৰভাৱে আপোনাৰ ওপৰত কোনো বেয়া ছায়া পেলাব নোৱাৰে। মহাদেৱৰ মূৰতেই যিহেতু চন্দ্ৰৰ অৱস্থান, সেয়ে শিৱক চন্দ্ৰৰ অধিপতি বুলি কোৱা হয়। মহাদেৱৰ পূজা কৰিলে গ্ৰহণৰ অশুভ ছায়া আপোনাৰ ওপৰত নপৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ