ট্ৰেইন হাইজেক কৰিলে স্বাধীনতাপন্থী পাক বিদ্ৰোহী গোষ্ঠী বালুচিস্তান লিবাৰেছন আৰ্মিয়ে। মঙলবাৰে পাকিস্তানৰ বালুচিস্তানৰ কোয়েট্টাৰ পৰা পেছোৱাৰলৈ যোৱাৰ সময়ত জাফৰ এক্সপ্ৰেছক হাইজেক কৰিছে বিএলএৰ সদস্যই। ট্ৰেইনখনত প্ৰবল গুলিবৰ্ষণ আৰু বিস্ফোৰণ কৰি ৰেললাইন উৰোৱাই দি ট্ৰেইনখন দখল কৰিছে বিদ্ৰোহী গোষ্ঠীটোৱে।
ট্ৰেইনখনত প্ৰায় ৪০০ জন যাত্ৰী আছিল। ১০০ জনতকৈ বেছি যাত্ৰীক পণবন্দি কৰা হৈছে বুলি জনাইছে বিএল এই। বিদ্ৰোহী সংগঠনটোৰ পৰা দিয়া এক বিবৃতিত জনোৱা হৈছে যে, সুপৰিকল্পিতভাৱেই এই অভিযান চলাইছে সংগঠনটোৱে। বিএলৰ তৰফৰ পৰা ধমকি দিয়া হৈছে এনেদৰে, ‘যদি সেনাবাহিনীৰ কোনোৱে সামৰিক অভিযানৰ চেষ্টা কৰে তেন্তে পৰিণতি ভয়ংকৰ হব। শত শত বন্দীক মাৰি পেলোৱা হব। ইয়াৰ দায় সম্পূৰ্ণৰূপে সেনাৰ ওপৰতেই পৰিব।’
বি এল এৰ তৰফৰ পৰা জনোৱা হৈছে যে দুই পক্ষৰ সংঘৰ্ষত এতিয়া পৰ্যন্ত ছজন সেনা জোৱানৰ মৃত্যু হৈছে। শতাধিক যাত্ৰীক বন্দী কৰা হৈছে। বালুচ লিবাৰেচন আৰ্মিৰ মুখপাত্ৰ জিয়ান্দ বালুচে জনাইছে যে এই অভিযানৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকৰ।
ইফালে পাকিস্তান সেনাৰ মুখপাত্ৰই জনাইছে যে ঘটনাস্থললৈ বিশেষ ট্ৰেইন পঠিওৱা হৈছে। যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছে। পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ