• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

3 months ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

20 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

36 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

1 hour ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

2 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

তাজমহলৰ দৰেই গুৰুত্বপূৰ্ণ এই স্থাপত্য

editor by editor
July 11, 2026
in বিবিধ, ভাৰত, সমীক্ষণ (আলোচনী)
0
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
0
SHARES
667
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ ওচৰত থকা ১০০টকীয়া নোটখনৰ এটা পিঠিত থকা অট্টালিকাৰ ফটোখন আচলতে কি হয় জানেনে? তাজমলহৰ দৰেই এই স্থাপত্যও আমাৰ ভাৰতৰ এক অনন্য সম্পদ যাক প্ৰেমৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। ১০০ টকীয়া নোটখনৰ এপিঠিত অংকন কৰা সেয়া ভাৰতৰ ঐতিহাসিক স্থাপত্যসমূহৰ ভিতৰত অন্যতম গুজৰাটৰ পাটনত অৱস্থিত ‘ৰাণী কি ভাৱ’ নামৰ এক অনন্য কীৰ্তিচিহ্ন। এই স্থাপত্যবিধক বহুতে ‘ওলোটা মন্দিৰ’ বুলিও অভিহিত কৰে, কাৰণ এই স্থাপত্যবিধৰ বিশেষ বৈশিষ্ট্য হৈছে ই ওপৰলৈ নহয়, মাটিৰ গভীৰলৈহে নামি যায়। ইয়াৰ অতুলনীয় স্থাপত্যশৈলী, অপূৰ্ব শিল্পকলা আৰু ঐতিহাসিক গুৰুত্বৰ বাবে ২০১৪ চনত UNESCO-এ ইয়াক বিশ্ব ঐতিহ্য (World Heritage Site) হিচাপে স্বীকৃতি প্ৰদান কৰে।

‘ৰাণী কি ভাৱ’ আচলতে কি?

চালুক্য বংশৰ ৰজা ভীমদেৱ প্ৰথমৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী ৰাণী উদয়মতীয়ে স্বামীৰ স্মৃতিত খ্ৰীষ্টাব্দ ১০৬৩ চনৰ আশে-পাশে এই বিশাল ‘ভাৱ’ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ইতিহাসবিদসকলৰ মতে, এই ভৱ্য স্থাপনাখন সম্পূৰ্ণ হ’বলৈ প্ৰায় ২০ বছৰ সময় লাগিছিল। ই কেৱল পানী সংৰক্ষণৰ ব্যৱস্থাই নাছিল, বৰং স্বামীৰ প্ৰতি ৰাণীৰ গভীৰ প্ৰেম আৰু শ্ৰদ্ধাৰ এক চিৰস্থায়ী প্ৰতীকো আছিল।

প্ৰকৃতিৰ বুকুত ৭০০ বছৰৰ সুৰক্ষা

১৩শ শতিকাত সৰস্বতী নদীৰ গতিপথ সলনি হোৱাৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানপানীয়ে সমগ্ৰ স্থাপত্যবিধক বোকাৰে ঢাকি পেলায়। আচৰিত কথাটো হৈছে বানৰ সোতত বৈ অহা এই বোকাই প্ৰায় ৭০০ বছৰৰো অধিক সময় ধৰি স্থাপত্যবিধক সংৰক্ষণ কৰি ৰাখে। সূৰ্য, বতাহ আৰু মানৱীয় ক্ষতিৰ পৰা সুৰক্ষিত হৈ ইয়াৰ অধিকাংশ ভাস্কৰ্য আৰু নক্সা আজিও অক্ষত অৱস্থাত আছে।

‘ওলোটা মন্দিৰ’ৰ বিস্ময়কৰ স্থাপত্য

মাৰু-গুৰ্জৰ স্থাপত্যশৈলীত নিৰ্মিত এই স্থাপত্যবিধ প্ৰায় ৬৫ মিটাৰ দীঘল, ২০ মিটাৰ বহল আৰু ২৭ মিটাৰ গভীৰ। পূবমুখী প্ৰৱেশদ্বাৰৰ পৰা ধাপে ধাপে নামি গ’লে পশ্চিম দিশত থকা মূল কুঁৱা পোৱা যায়। সাতটা স্তৰত বিস্তৃত এই স্থাপত্যত বহুমহলীয়া মণ্ডপ, দৃষ্টিনন্দন স্তম্ভ, বিশাল অলিন্দ আৰু নিখুঁতভাৱে খোদিত পাথৰৰ শিল্পকৰ্ম দৰ্শনাৰ্থীক মুহিত কৰি তোলে। পানীক পবিত্ৰতা আৰু জীৱনৰ উৎস হিচাপে সন্মান জনোৱাৰ উদ্দেশ্যেই ইয়াক ‘ওলোটা মন্দিৰ’ৰ ৰূপ দিয়া হৈছিল।

শিল্পকলাৰ এক জীৱন্ত ভঁৰাল

‘ৰাণী কি ভাৱ’ৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ অপূৰ্ব ভাস্কৰ্যসমূহ। আৰম্ভণিতে ইয়াত ৮০০ৰো অধিক মূৰ্তি আছিল বুলি ধাৰণা কৰা হয়। বৰ্তমানো প্ৰায় ৪০০টা মূৰ্তি সুসংৰক্ষিত অৱস্থাত আছে। এই ভাস্কৰ্যসমূহত হিন্দু দেৱ-দেৱী, অপ্সৰা, পৌৰাণিক কাহিনী, সাহিত্যিক দৃশ্য আৰু সেই সময়ৰ সামাজিক জীৱনৰ বিভিন্ন ৰূপ সজীৱভাৱে ফুটাই তোলা হৈছে। বিশেষকৈ ভগৱান বিষ্ণুৰ ভাস্কৰ্য ইয়াৰ অন্যতম আকৰ্ষণ। সূক্ষ্ম খোদিত শিল্পকলাই মাউণ্ট আবুৰ বিমল বসাহী মন্দিৰ আৰু মোঢেৰাৰ সূৰ্য মন্দিৰৰ উৎকৃষ্ট শৈলীকো মনত পেলাই দিয়ে।

পুনৰ আৱিষ্কাৰৰ ৰোমাঞ্চকৰ ইতিহাস

ঊনবিংশ শতিকাৰ শেষভাগত ব্ৰিটিছ প্ৰত্নতত্ত্ববিদসকলে ইয়াৰ কেৱল কিছুমান স্তম্ভ আৰু কুঁৱাৰ ওপৰৰ অংশহে দেখা পাইছিল। ১৯৪০ৰ দশকত এই স্থান পুনৰ আৱিষ্কাৰ কৰা হয় আৰু ১৯৮০ৰ দশকত ভাৰতীয় প্ৰত্নতাত্ত্বিক সৰ্বেক্ষণ (ASI)এ বিস্তৃত খনন, পৰিষ্কাৰ আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰে। তাৰ পিছৰে পৰা এই ঐতিহাসিক কীৰ্তিচিহ্নই বিশ্বজুৰি বিশেষ পৰিচয় লাভ কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 100 rupee noteasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
Next Post
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

'কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা'

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.