অসম লাইভ ২৪ঃ বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰে গুজৰাট চৰকাৰে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ গুজৰাট শাখা আৰু আহমেদাবাদ মেডিকেল এছ’চিয়েচনৰ জ্যেষ্ঠ চিকিৎসকসকলে ৰামদেৱৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ উদ্দেশ্যে গুজৰাট আৰক্ষীক আৱেদন জনাইছিল। এল’পেথিক চিকিৎসাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি চিকিৎসক তথা মেডিকেল এছ’চিয়েচনৰ ৰোষত পৰে বাবা ৰামদেৱ। আহমেদাবাদ আৰক্ষী আৰু নবৰংগপুৰা আৰক্ষীক পৃথকে পৃথকে আৱেদন জনাইছিল চিকিৎসকসকলে। কিন্তু ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰা বিৰত থাকে গুজৰাটৰ আৰক্ষী আয়ুক্ত ৰবীন্দ্ৰ পেটেল। এই সন্দৰ্ভত ৰবীন্দ্ৰ পেটেলৰ ভাষ্য অনুসৰি, চিকিৎসকসকলে উত্থাপন কৰা অভিযোগ আৰক্ষীৰ ক্ষেত্ৰাধিকাৰৰ অধীনত নহয়। সেয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে। দুয়োটা সংগঠনে ৰামদেৱৰ বিৰুদ্ধে মহামাৰী ৰোগ অধিনিয়ম আৰু দুৰ্যোগ প্ৰশমন অধিনিয়মৰ ধাৰা অনুসৰি গোচৰ ৰুজু কৰাৰ আৱেদন জনাইছিল আৰক্ষীক। কোভিড-১৯ৰ চিকিৎসাত এল’পেথিক ঔষধ গ্ৰহণ কৰিলে ব্যক্তিৰ মৃত্যু হ’ব বুলি বিতৰ্কিত মন্তব্য কৰিছিল ৰামদেৱে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে মন্তব্য উঠাই ল’বলৈ আহ্বান জনোৱাৰ পাছত ৰামদেৱে আনুষ্ঠানিকভাৱে উঠাই লৈছিল নিজৰ মন্তব্য। এতিয়া ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে বাবে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে চিকিৎসক সন্থাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ