বিয়াৰ পাছতে ফুৰিবলৈ গৈ স্বামীয়ে পত্নীক ক’লে এনে কথা, যাৰ বাবে এতিয়া ভৰিব লাগিব ৩ কোটি টকা
মুম্বাই উচ্চ ন্যায়ালয়ে সদ্যহতে এক ঘটনাৰ ওপৰত গুৰুত্বপূৰ্ণ ৰায় কৰে। এগৰাকী লোকে পত্নীৰ ওপৰত কোৱা এষাৰ কথাৰ বাবেই এতিয়া ভৰিব লাগিব ৩ কোটি টকা। এয়া কোনো বিদেশৰ ঘটনা নহয়, এইখন ভাৰতৰে ঘটনা।
কেৱল সিমানেই নহয় পত্নীক এতিয়া প্ৰতি মাহে খৰচৰ বাবদ লোকগৰাকীয়ে দিব লাগিব ১লাখ ৫০ হাজাৰকৈ টকা। তাৰোপৰি দিব লাগিব এটা ঘৰ নাইবা ৭৫ হাজাৰ টকা ঘৰ ভাড়াৰ নামত টকা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ১৯৯৪ চনৰে এখন বিয়া। বিয়াৰ পাছতে স্বামী-স্ত্ৰী দুয়ো ফুৰিবলৈ গৈছিল। পাছে সেই স্থানতেই পত্নীক ছেকেণ্ড হেণ্ড বুলি মন্তব্য কৰে স্বামীয়ে। কেৱল সিমানেই নহয়, তাৰ পাছৰে পৰা সকলো সময়তে কেৱল সন্দেহ আৰু মাৰপিট।
ভাৰতৰ এই দম্পতি বিয়াৰ পাছতে আমেৰিকালৈ স্থানান্তৰ হয়। তাতো স্বামীয়ে সকলো সময়তে পত্নীক কেৱল আনৰ সৈতে সন্দেহ আৰু মাৰধৰ কৰি আহিছিল। ২০০৫ চনত পুনৰ ভাৰতলৈ উভতি আহে দম্পতি।
২০০৮ চনত পত্নীয়ে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মাকৰ ঘৰলৈ গুচি যায় আৰু স্বামীয়েও কেইবছৰ মান থকাৰ পাছত ২০১৪ত পুনৰ আমেৰিকালৈ যায়। কিন্তু তথাপি শান্তি নিদিয়ে পত্নীক।
যাৰ বাবে ২০১৭ চনত মহিলাগৰাকী Department of vetern’s Affairsৰ প্ৰাৱধানত ন্যায়ালয়ৰ কাষ চাপে। মহিলাগৰাকীয়ে অভিযোগ তোলে যে, সকলো সময়তে কেৱল মাৰপিট, কোনো এটা অভিযোগ তুলি কেৱল মাৰপিট আৰু সন্দেহ।
ন্যায়ালয়ে পাছত সকলো ঘটনা চালি জাৰি চাই এতিয়াহে শুনানি দিয়ে। ন্যায়ালয়ৰ ৰায় মতে, স্বামীয়ে পত্নীক ৩ কোটি টকাৰ জৰিমনা দিব লাগিব। কমেও ১ হাজাৰ স্কুৱেৰ ফীটৰ এটা ঘৰ নাইবা ৭৫ হাজাৰ টকা মাহে ঘৰ ভাড়াৰ নামত।
লগতে মহিলাগৰাকীৰ সকলো গহনা উভতাই দিয়াৰ বাবে নিৰ্দেশ স্বামীগৰাকীক। তাৰোপৰি মাহিলী খৰচ হিচাপে ১ লাখ ৫০ হাজাৰ টকাও দিব লাগিব পত্নীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ