অসম লাইভ২৪ঃ পৰ্ণষ্টাৰক ধৰ্ষণ কৰাৰ অপৰাধৰ গোচৰত নাম সাঙোৰ খোৱা ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে আন এক গোচৰ। এগৰাকী আমেৰিকান মহিলা প্ৰবন্ধকাৰকো ধৰ্ষণ কৰিছিল ট্ৰাম্পে। কেৱল ধৰ্ষণ কৰাই নহয় প্ৰবন্ধকাৰগৰাকীক উপহাসো কৰিছিল ট্ৰাম্পে। আমেৰিকাৰ এখন আদালতত এই অভিযোগ উঠিছে ট্ৰাম্পৰ বিৰুদ্ধে। বিশিষ্ট প্ৰবন্ধকাৰগৰাকীৰ নাম জিন কেৰল। কিন্তু জিন কেৰলে অনা এই অভিযোগ অস্বীকাৰ কৰিছে ট্ৰাম্পৰ অধিবক্তাই। অধিবক্তাৰ দাবী যে ডনাল্ড ট্ৰাম্পৰ খ্যাতি আৰু ধনৰ বাবেই এই অভিযোগ আনিছে প্ৰবন্ধকাৰগৰাকীয়ে।
৭৯ বছৰীয়া কেৰলেৰ দাবী যে নব্বৈ দশকৰ সময়ছোৱাত ম্যানহাটনৰ ফিফথ এভিনিউৰ এক বিলাসবহুল ডিপাৰ্টমেণ্টেল ষ্টোৰতেই যৌন নিৰ্যাতন চলাইছিল ট্ৰাম্পে। অভিযোগ মতে ট্ৰাম্পে মহিলাৰ অন্তঃৰ্বাস উপহাৰ দিয়াৰ বিষয়ে পৰামৰ্শ বিচৰাৰ চলেৰে ট্ৰায়েল ৰুমৰ কাষলৈ মাতিছিল কেৰলক। আৰু ট্ৰায়েল ৰুমতেই ট্ৰাম্পে যৌন আতিশায্য চলাইছিল কেৰলক।
কেৰলৰ অধিবক্তা ছন ক্ৰাউলী মেনহেটনে আদালতক কোৱা অনুসৰি, ‘ট্ৰায়েল ৰুমলৈ কেৰলক মাতি নিয়াৰ পাছত ট্ৰায়েল ৰুমতেই জোৰ জবৰদস্তি কৰে ট্ৰাম্পে। ট্ৰাম্প শক্তিশালী মানুহ সেয়ে বাধা দিয়াৰ শক্তি হেৰুৱাই পেলাইছিল কেৰলে।’ ইপিলে ট্ৰাম্পে দাবী কৰা মতে এয়া সম্পূৰ্ণ মিছা। তেওঁ কেৰলক কেতিয়াও লগেই পোৱা নাই।
উল্লেখ্য যে, ইয়াৰ পাছতেই ২০১৯ চনত ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। শাৰীৰিক সম্পৰ্কক লৈ মুখ বন্ধ ৰখাৰ অভিযোগত পৰ্ণ তাৰকা ষ্টাৰ্মী ডেনিয়েলছক ধন দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল ট্ৰাম্প। আমেৰিকাৰ আইন অনুসৰি এই অভিযোগত দোষী সাব্যস্ত হ’লে ১৩৬ বছৰৰ জে’ল হ’ব পাৰে ট্ৰাম্পৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ