অসম লাইভ২৪ঃ এগৰাকী দুগৰাকী নহয়। ছগৰাকীকৈ পত্নী? পত্নীসকলক সময় দিওতেই দিনটো পাৰ হৈ যায়। গোটেই কেইগৰাকী পত্নীৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি চলে যুৱকজনে। প্ৰত্যেককেইগৰাকী পত্নীৰ সৈতে পৃথকে পৃথকে সময় কটাই যুৱকজনে। কেতিয়াবা যদি এজনী পত্নীৰ সৈতে এটা ঘৰত আনটো ঘৰত আনগৰাকী পত্নীৰ সৈতে তেনেকৈয়ে জীৱন চলি থাকে। কিন্তু এনেকৈ পৃথক পৃথক ঘৰত গৈ আমুৱাইছে যুৱকজন। সেয়ে এঘৰতেই আটাইকেইগৰাকী পত্নীৰ সৈতে সময় কটোৱাৰ পৰিকল্পনা কৰিছে যুৱকজনে। বেলেগ বেলেগ ঠাইলৈ গৈ নিশা কটোৱাতকৈ একেলগেই কটাবলৈ নিৰ্মাণ কৰিছে বিশেষ বিছনা।
২০ ফুটৰ বিশেষ বিছনাখন নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাজিলৰ বিশেষ যুৱকজনে। যুৱকজন প্ৰকৃততে বহুগামী। এগৰাকী নাৰীৰ সৈতে মন নভৰে যুৱকজনৰ। সেয়ে একাধিক সম্পৰ্কত বাৰে বাৰে বান্ধ খাই পৰে যুৱকজন। একাধিকবাৰ বিবাহো কৰাইছে যুৱকজনে। বৰ্তমান তেওঁৰ পত্নীৰ সংখ্যা ৬গৰাকী। সকলোকেইগৰাকী পত্নীৰ সৈতে একেখন ঘৰতে থাকিবৰ বাবে বিশেষ বিছনাখন তৈয়াৰ কৰিছে যুৱকজনে। ২০ ফুট দীঘল, ৭ ফুট বহল বিছনাখন এতিয়া সকলোৰে কৌতুহলৰ কাৰণ হৈ পৰিছে।
বিছনাখন নিৰ্মাণ কৰোতে যুৱকজনৰ যথেষ্ট খৰছো হৈছে। প্ৰায় ৮১ লাখ টকা দি নিৰ্মাণ কৰিছে বিশেষ বিছনাখন। এই বিছনাত ৬গৰাকী স্ত্ৰীৰ সৈতে আৰামত সময় অতিবাহিত কৰিব পাৰে। যুৱকজনে জনোৱা অনুসৰি এই বিশেষ বিছনাখন নিৰ্মাণ কৰিবলৈ ১৫ মাহ সময় লাগিছে। ১২ গৰাকী মিস্ত্ৰীয়ে লগ হৈ নিৰ্মাণ কৰিছে বিছনাখন। এই বিছনাখনত ব্যৱহাৰ হৈছে ৯৫০ টা স্ক্ৰু। ব্ৰাজিলৰ চাও পাওলোত বসবাস কৰা আৰ্থাৰ এতিয়া পত্নীসকলৰ বাবেই চৰ্চিত হৈ পৰিছে। তেওঁ এটা এডাল্ট ৱেবচাইটতো দৈনিক ভিডিঅ’ শ্বেয়াৰ কৰে। এই ৱেবচাইটৰ পৰা মাহিলী প্ৰায় ৫১ লাখ টকা আয়ো কৰে আৰ্থাৰে। ইনষ্টাগ্ৰামতো আছে আৰ্থাৰৰ প্ৰায় ২ লাখ ফলোৱাৰ্ছ।
নিয়মিতভাৱেই যৌন জীৱনৰ নানা ক্লিপ শ্বেয়াৰ কৰে আৰ্থাৰে। কেনেকৈ একাধিক পত্নীৰ সৈতে ভাৰসাম্য ৰখাই চলিব সেই সম্পৰ্কেও মন্তব্য কৰি আহিছে আৰ্থাৰে।
আৰ্থাৰে জনোৱা অনুসৰি তেওঁৰ যৌন জীৱন অতি সুখৰ। সকলোৰে সন্মতিতেই তেওঁ বহুগামী সম্পৰ্কত আছে। কোনগৰাকী পত্নীৰ সৈতে সময় কটাব সেই কথাও আগতেই থিৰাং কৰি লয় আৰ্থাৰে। আৰ্থাৰৰ পূৰ্বে পত্নীৰ সংখ্যা আছিল ৯ গৰাকী। কিন্তু ৪গৰাকীৰ পৰা বিবাহ বিচ্ছেদ লয় আৰ্থাৰে। ৫গৰাকী স্ত্ৰীৰ সৈতে কিছু দিন থকাৰ পাছত আন এগৰাকীক বিয়া কৰাই আৰ্থাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ