ফোৰ্বছৰ ৰিপৰ্টে কৈছে বিগত ছেপ্টেম্বৰ মাহৰ পৰা দ্বিগুণ বাঢ়িছে ড’নাল্ড ট্ৰাম্পৰ সম্পত্তি৷ আমেৰিকাৰ নতুন প্ৰেছিডেণ্টৰ বেংক বেলেন্স এই মুহূৰ্তত ৮ বিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৬৭ হাজাৰ ৩০৭ কোটি টকাতকৈয়ো বেছি৷ এইবাৰ হোৱাইট হাউছৰ আসনত প্ৰত্যাবৰ্তনৰ পাছত কিমান দৰমহা পাব? কি কি সুযোগ সুবিধা পাব?
আমেৰিকাৰ প্ৰেছিডেণ্ট মানেই বিশ্বৰ প্ৰথম ৰাষ্ট্ৰৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান৷ তেওঁৰ দৰমহা আকাশলংঘীতো হোৱাৰেই কথা৷ হোৱাইট হাউছত দ্বিতীয়বাৰ প্ৰৱেশ কৰাৰ সৈতে তেওঁৰ দৰমহা বাৰ্ষিক হ’ব ৩ কোটি ৩৬ লাখ টকা৷ ইয়াৰোপৰি মাৰ্কিন প্ৰেছিডেণ্ট হিচাপে তেওঁ একাধিক সুযোগ সুবিধা পাব৷ ট্ৰাম্পৰ পিছতেই আমেৰিকা চৰকাৰে খৰচ কৰিব বাৰ্ষিক ৪কোটি ৭৮ লাখ টকা৷
তাৰমাজতেই বিনোদনৰ বাবে তেওঁ পাব ৮৪ লাখ টকা৷ ভ্ৰমণৰ বাবে তেওঁ পাব ১৬ লাখ টকা৷ ইয়াৰোপৰি অন্যান্য খৰচৰ বাবদ তেওঁক দিয়া হ’ব ৪২ লাখ টকা৷ হোৱাইট হাউছৰ সজ্জাৰ বাবদ তেওঁ খৰচ কৰিব পাৰিব ৮৪লাখ টকা৷ ইয়াৰোপৰি বাৰ্ষিক পেনছন হিচাপে বছৰত ডেৰ কোটি টকাতকৈয়ো বেছি ধন তেওঁ পাব৷ আজীৱন বিনামূলীয়া স্বাস্থ্য পৰিসেৱাও দিয়া হ’ব ট্ৰাম্পক৷ প্ৰেছিডেণ্ট হিচাপে ড’নাল্ড ট্ৰাম্পে পাব বিলাসবহুল লিমুজিন, মেৰিন ৱান, এয়াৰ ফৰ্ছ ৱান, দ্যা বেষ্টৰ দৰে সংস্থাৰ বাহন আৰু বিমান পৰিসেৱা৷
উল্লেখ্য যে ট্ৰাম্পৰ ব্যক্তিগত সম্পত্তিৰ পৰিমানো কম নহয়৷ ৰিয়েল এষ্টেটৰ ব্যৱসায়ত বিনিয়োগ আছে ট্ৰাম্পৰ৷ নিউয়ৰ্কত তেওঁ নামত আছে ট্ৰাম্প টাৱাৰ, ফ্লৰিডাত ৩টা ঘৰ, লছ ভেগাছত আছে ট্ৰাম্পৰ ইণ্টাৰনেশ্ব্যনেল হোটেল৷ ইয়াৰোপৰি ট্ৰাম্পৰ নামত আছে মাৰ আ লাগো ক্লাব, গল্ড কোৰ্ছেচ৷ মিয়ামিটত আছে এখন বিশেষ ৰিজৰ্ট৷ এই সম্পত্তিৰ মূল্য প্ৰায় ৮১০ মিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্ৰাত ৬ হাজাৰ ৮১৪ কোটি টকাৰো অধিক৷ ফোৰ্বছৰ হিচাপ অনুসৰি ড’নাল্ড ট্ৰাম্পৰ হাতত আছে নগদ ৪১০ মিলিয়ন ডলাৰ৷ ভাৰতীয় টকাত এই ধন ৩হাজাৰ ৪৪৯ কোটিৰো বেছি৷ ইয়াৰোপৰি ট্ৰাম্পৰ নামত বিভিন্ন স্থানত আছে ১০০ মিলিয়ন ডলাৰৰ সম্পত্তি৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৪৪১ কোটিৰো বেছি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















