সংখ্যালঘু সংখ্যালঘু কৰি নাথাকিব৷ গাঁতৰ ভিতৰলৈ কিয় সোমাই যাব খুজিছে? এনেকৈ সোমাই পৰিলেতো হেঁচা মাৰি ধৰিবই৷ মঙলবাৰে বাংলাদেশৰ হিন্দুসমাজলৈ স্পষ্ট বাৰ্তা দিলে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে৷ শ্বেখ হাছিনাৰ বিদায়ৰ পাছতেই নৈৰাজ্যৰ পৰিবেশ তৈয়াৰ হৈছে বাংলাদেশত৷ যাৰ ফলত তাত থকা হিন্দুসমাজ আতংকিতও হৈ পৰিছে৷ অন্তৰ্বৰ্চী চৰকাৰে শপত লোৱাৰ পাছতো অৱসান হোৱা নাই নৈৰাজ্য পৰিবেশৰ৷ ইয়াৰ মাজতেই এইবাৰ শুনা গৈছে হিন্দুৰ গৰ্জন৷
ঢাকাত মিছিল কৰি হিন্দুৰ সুৰক্ষাৰ দাবী কৰিছে তাত থকা হিন্দুসমাজে৷ তেওঁলোকেও স্পষ্টৰূপত জনাইছে যে, এই চলি থকা অত্যাচাৰ বন্ধ হওক৷ এই পৰিস্থিতিত ঢাকাৰ বিখ্যাত ঢাকেশ্বৰী মন্দিৰত উপস্থিত হৈছে ইউনূছ৷ মাইনোৰিটি ৰাইটছ মুভমেণ্টৰ ৫জনীয়া এক প্ৰতিনিধি দলৰ সৈতে তেওঁ সাক্ষাতো কৰিছে৷ তাৰপাছতেই মুহম্মদ ইউনূছে কয়, ‘নিজকে সংখ্যালঘু, অমুক-তমুক বুলি কৈ শ্ৰেণীবিভাজন নকৰিব৷ সকলো আমাৰ দেশৰ নাগৰিক৷ আমি মানুহ, আমাৰ গণতান্ত্ৰিক অধিকাৰসমূহহে প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰক৷ সকলো চৰকাৰৰ পৰাই এই দাবী ৰাখক৷’
ইউনুছে লগতে কয়, ‘এটা ধৰ্ম বা জাতিৰে নিজকে বিভক্ত কৰাৰ এয়া সময় নহয়৷ দেশৰ সকলোৱে ঐক্যবদ্ধ হ’ব লাগিব৷ ধৰ্মীয় ভেদাভেদ, জাতিৰ ভেদ পাহৰি বাঙালীয়ে পৰিচয় হওক৷ এনে এক বাংলাদেশ গঢ়িব লাগিব, য’ত সকলো বৰ্ণৰ মানুহেই এক পৰিয়ালৰ দৰে থাকিব লাগিব৷ তাত কোনো ধৰ্মীয় বা শ্ৰেণীৰ ভাগ নাথাকিব৷’ হিন্দুসহ সংখ্যালঘুসকলৰ ওপৰত হোৱা এই আক্ৰমণসমূহৰ মূল কাৰণ বাংলাদেশৰ চৰকাৰী প্ৰতিষ্ঠানসমূহৰ পঙালগা স্বৰূপ বুলিও কয় ইউনূছে৷
প্ৰধান উপদেষ্টা ইউনুছে লগতে কয়, ‘সকলো মানুহৰ বাবে এক আইন, এক সংবিধান৷ বৰ্তমান বিভক্ত হৈ নহয় বৰং সকলোৱে ঐক্যবদ্ধভাৱে সংকটৰ সমাধান কৰিব লাগিব৷ আমি বাংলাদেশৰ মানুহ, বাংলাদেশতেই থাকিব লাগিব সেয়া নিশ্চিত কৰাতহে মনোনিৱেশ কৰা উচিত৷ এই বিষয়টোক লৈ যাতে আৰু বিবাদ নহয়৷ আমাৰ গণতান্ত্ৰিক যি আশংকা সেয়া হিন্দু মুছলমান হিচাপে নহয় বৰং মানুহ হিচাপেহে বিবেচিত৷ আমাৰ অধিকাৰসমূহ নিশ্চিত কৰিব লাগিব৷ সকলো সমস্যাৰ সমাধানৰ বাট ঐক্যবদ্ধভাৱে আমি বিচাৰিব লাগিব৷ হিন্দু মুছলমানৰ ভেদাভেদ এৰি আমি আগবাঢ়িব লাগিব৷’
ইউনূছে লগতে কয়, ন্যায়বিচাপ প্ৰতিষ্ঠা হ’লে হিন্দু-মুছলমান-বৌদ্ধ সকলোৱেই ন্যায়বিচাৰ পাব৷ আইনে কোনো সম্প্ৰদায়ৰ কথা পৃথককৈ নকয়৷ শান্তিৰ নোৱেলজয়ীয়ে লগতে কয়, ‘আইন এটাই৷ কাৰ সাধ্য আছে তাত বিভেদ কৰাৰ৷ এয়া ইয়াত হব নোৱাৰেই৷ এয়া এটা এটা ৰোগ৷ এই ৰোগৰ উপশমৰ মলম সনা কাম আমি শিক্ষিত সমাজে কৰিব লাগিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ